মূল আৰু জিলা শাখাৰ অধিৱেশন ত দলে দলে অংশগ্ৰহণ কৰাৰ আহ্বান।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ আহ্বানত জিলা নামঘৰ প্ৰাঙ্গনত আজি কাৰ্যনিৰ্বাহক আৰু প্ৰাথমিক শাখাৰ সভাপতি,সম্পাদক সকলৰ এক সাধাৰণ সভা অনুষ্ঠিত হয়।
প্ৰাপ্ত বাতৰি মতে মূলৰ(কেন্দ্ৰীয়) সদস্য ভৱেশ্বৰ ৰায় বাপে আগধৰা এফাঁকি ঘোষা প্রার্থনাৰে আৰম্ভ হোৱা সভাত সঞ্চালনা কৰে স্থায়ী জিলা সভাপতি অতুল চৰণ দাস বাপে আৰু সভাৰ উদ্দেশ্য বাখ্যা কৰে জিলা সম্পাদক অজিত চৌধুৰী বাপে।সেইমতে সভাৰ কাৰ্যসূচী অনুসৰি ইতিপূৰ্বে স্থগিত ৰখা জিলা অধিৱেশনখন ২০২২চনৰ চলিত ফেব্ৰুৱাৰী মাহৰ ২০তাৰিখে অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে ন্যাগপুঁজি,জিলা নামঘৰ উন্নয়ন ,সাংগঠনিক দিশ আৰু মূলৰ(কেন্দ্ৰীয় অধিৱেশন) আৰু অধিৱেশনত বঙাইগাঁও জিলা শাখাৰ পৰা সেৱাবাহিনী,বাপ- বান্ধৱ,আই মাতৃ সকলৰ অংশগ্ৰহণ কৰা আদি কেতবোৰ বিভিন্ন প্ৰস্তাৱ গ্ৰহন কৰা হয়।আৰু সভাপতিৰ ভাষণৰ অন্তত এফাঁকি ঘোষা প্রাথনাৰে সভা ভংগ কৰে বুলি বাতৰিত প্ৰকাশ।
ষ্টাফ ৰিপৰ্টাৰ বঙাইগাঁও, প্ৰফুল্ল কুমাৰ দাস।