মাজ বৰ্ষামুখত আলি আয়ে লৃগাংৰ প্ৰস্তুতি।
আলি আঃয়ে লৃগাংৰ উপলক্ষে লাইখুটা স্থাপন।
গুমৰাগ নৃত্যৰে মুখৰিত মাজ বৰ্ষামুখ অঞ্চলত।
ফাগুন মাহৰ প্ৰথমটো বুধবাৰে সমগ্ৰ ৰাজ্যতে মিচিং জনগোষ্ঠী লোকসকলে উদযাপন কৰিব কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং।
ইয়াৰ বাবে আজি মাংগলিক ৰীতি নীতিৰ মাজেৰে মাজ বৰ্ষামুখত স্থাপন কৰা হ'ল পবিত্ৰ লাইখুটা।
ৰাজ্যৰ ভিন্ন প্ৰান্তত আলি আঃয়ে লৃগাং উদযাপনৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে মিচিং জনগোষ্ঠীৰ ৰাইজে। মাজ বৰ্ষামুখত ২৭ ফেব্ৰুৱাৰী তাৰিখে এদিনীয়া কাৰ্যসূচীৰে চৃঃচাং অঃপেৰ উদ্যোগত উদযাপন কৰিব পঞ্চম বাৰ্ষিক আলি আঃয়ে লৃগাং।
পৰম্পৰাগত খেল ধেমালিৰ লগতে ঐনিতম, আনুনিতঃম,গুমঃৰাগ নৃত্যৰে আয়োজন কৰা হ'ব এই উৎসৱ।
সাংস্কৃতিক সন্ধিয়াত অংশগ্ৰহণ কৰিব অসমৰ সংগীত জগতৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেত্ৰী তৰুলতা কুটুমে।
সেয়েহে সকলো ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে।

Tags:
Art & culture