মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰাথমিক পৰ্য্যায়ত অন্তৰ্ভুক্ত হোৱাত গোগামুখ আৰু অৱনৰিত আনন্দৰ বৈণ্যা ।
মিংমাং বাংকে আগম কেবাং, অৱনৰি ,চাংগা অৱনৰি আৰু বিল্লাম অৱনৰি বাংকে আগম কেবাঙৰ উদ্যোগত আৰু মিচিং জাতীয় সংগঠনৰ সহযোগত মঙ্গলবাৰে মিংমাং আঞ্চলিক টিএমপিকেৰ কাৰ্যালয় আৰু ইউনাইটেড ট্ৰাইবেল ডিগ্ৰী মহাবিদ্যালয়ত মিচিং আগম কেবাঙৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আৰু সচিবৰ লগতে কেন্দ্ৰীয় বিষয়ববীয়া সকলকো উষ্ম আদৰণি জ্ঞাপন অৰে।
দীৰ্ঘদিনীয়া গণতান্ত্ৰিক আন্দোলনৰ শেষত চৰকাৰে মিচিং ভাষাক জীয়াই ৰখা আৰু আগুৱাই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে ৷
উল্লেখ্য যে মিচিং আগম কেবাং( মিচিং সাহিত্য সভা)১৯৭২ চনত প্ৰতিষ্ঠা হোৱাৰে পৰাই মিচিং আগম কেবাং আৰু মিচিং জাতীয় সংগঠন সমূহৰ নেতৃত্বত আৰু মিচিং ৰাইজে মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাই আহিছিল ৷ সুদীৰ্ঘ পৰিক্ৰমাৰ অন্তত এই দাবীৰ মৰ্যাদা অসম চৰকাৰে প্ৰদান কৰি মিচিং ভাষাক প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ মাধ্যম হিচাপে ঘোষণা কৰাৰ লগে লগে সমগ্ৰ অসমত বাস কৰা মিচিং জনগোষ্ঠীয় জনসাধাৰণে আনন্দ প্ৰকাশ কৰিছে।মঙ্গলবাৰে গুমৰাগ নৃত্য ,অইনিতম আৰু মিচিং গামোচাৰে মিচিং আগম কেবাঙৰ কেন্দ্ৰীয় সভাপতি গোবিন্দ টাইদ,সচিব ডিম্বেশ্বৰ দলেক উষ্ম আদৰণি জনোৱাৰ লগতে আগম কেবাঙৰ কেন্দ্ৰীয় নেতৃ বৰ্গকো আদৰণি জনাই। কেন্দ্ৰীয় সমিতিৰ সভাপতি আৰু সম্পাদকে কয় মিচিং ভাষাৰ পাঠ্য-পুথি প্ৰণয়নৰ সময়ত মিচিং ভাষাৰ লগতে ইংৰাজী আৰু অসমীয়া ভাষাত ভাৱানুবাদ থাকিব ৷ যিটোৰ বাবে পিছৰ পৰ্যায়ত মিচিং ছাত্ৰ-ছাত্ৰী সকলে ইংৰাজী বা অসমীয়াত পঢ়া আৰু লিখাত কোনো অসুবিধা সন্মুখীন নহয়। তাৰ বাবে এই সিদ্ধান্ত হাতত লোৱা হৈছে বুলি সদৰি কৰে । শেষত এই সুদূৰপ্ৰসাৰী সিদ্ধান্তৰ বাবে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক আন্তাৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰে ।