অসমৰ বিভিন্ন প্ৰান্তৰ লগতে জোনাইতো উৎযাপন কৰা হৈছে অসমৰ সৰ্ববৃহৎ জনজাতীয় জনগোষ্ঠী বড়ো জনগোষ্ঠীৰ শক্তিশালী জাতীয় সংগঠন ABSU ৰ ৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱস
নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ ABSU ৰ ৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি জোনাই আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্দ্যোগত এখন বৃহৎ চাইকেল ৰেলী অনুষ্ঠিত কৰে ।
পূৱা জোনাই আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি মৌজাং গছাই নাৰ্জাৰীয়ে পতাকা উত্তোলন কৰে । ইয়াৰ পিছতে বড়ো জাতীৰ কাৰণে স্বহীদ হোৱা সকলক জোনাই আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ উপ-সভাপতি সত্য চন্দ্ৰ বসুমতাৰীয়ে দ্বীপ প্ৰজলনেৰে শুভাৰম্ভ কৰে ।
অসমৰ সৰ্ববৃহৎ জনজাতীয় জনগোষ্ঠী বড়ো জনগোষ্ঠীৰ শৈক্ষিক দিশৰ লগতে বড়ো মাধ্যমৰ বিদ্যালয় সমূহ বড়ো সমাজলৈ লৈ গৈ আলোচনা কৰাৰ উদ্দেশ্যে এই চাইকেল ৰেলী অনুষ্ঠিত কৰা হৈছে বুলি সদৰি কৰি চাইকেল ৰেলী শুভাৰম্ভ কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ ভদছা ব্ৰহ্মই ।