BIG BREAKING
হেলেমৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ঙ্কৰ পথ দুৰ্ঘটনা ।অচিনাক্ত ডাম্পাৰে মহতিয়াই থৈ গল ট্ৰেক্টৰ আৰু বন বিভাগৰ বলেৰ গাড়ী।
হেলেমৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আলি আঃয়ে লৃগাঙৰ প্ৰাগ মূহুৰ্তত এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা। সন্ধিয়া প্ৰায় ৭ মান বজাত এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন দ্ৰুত বেগী ডাম্পাৰে মহতিয়াই থৈ গ ল গেছ পাইপ লাইনৰ ট্ৰেক্টৰত প্ৰচন্ড খুন্দা মাৰি পৰৱৰ্তী বন বিভাগৰ এখন যাত্ৰীবাহী বলেৰ (AS 12 X 4939)গাড়ীত প্ৰচন্ড জোৰত খুন্দা মৰাৰ ফলত তিনিজন লোক গুৰুত্বৰ ভাবে আহত হয়। ইয়াৰে এজন কাজিৰঙাৰ বিশেষ কামাণ্ডো বাহিনীৰ মেজৰ ঋষি সিং বুলি জানিব পৰা গৈছে। তিনিওকে ততাতৈয়াকৈ গহপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। জানিব পৰা মতে ট্ৰেক্টৰ খনৰ চালক ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।
Tags:
Art & culture