উজনি অসমৰ অন্যান্য বিধান সভা সমষ্টি সমূহৰ ভিতৰত এটা গুৰুত্ব পূৰ্ণ সমষ্টি হৈছে ৯৯ নং মাজুলী বিধান সভা সমষ্টি।
৭ মাৰ্চত অনুষ্ঠিত হ'ব লগা উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপি মিত্ৰ জোটৰ প্ৰাৰ্থী ভুবন গামে। মনোনয়ণৰ দিনা সদৰ গড়মূৰত এক আৰ্কশনীয় হৈ পৰা পৰিলক্ষিত হয় ৷
সমষ্টিটোৰ পৰা আজি বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী ভুবন গামে জিলা ৰিৰ্টানিঙ বিষয়াৰ ওচৰত আনুষ্ঠানিক ভাৱে নিৰ্বাচনী বিধি অনুসৰি মনোনয়ন পত্ৰ দাখিল কৰে ৷
মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে প্ৰাৰ্থী গৰাকীয়ে পুৱা ধুতি কুৰ্টা পৰিধান কৰে ।
আৰু ইয়াৰ পাছতে মাজুলী মিনি ষ্টেডিয়ামত উপস্থিত হৈ দলীয় কৰ্মী , মাজুলী বাসীক মঞ্চৰ পৰা সেৱা লৈ আৰ্শীবাদ বিচাৰে।
বৃহৎত ৰেলীৰে বিভিন্ন জনগোষ্ঠীয় নৃত্য সম্ভাৰৰ সহিতে প্ৰাৰ্থী গৰাকীয়ে উপায়ুক্ত কাৰ্যালয়ত
মনোনয়ন পত্ৰ দাখিল কৰে ।
Tags:
politics