Share on Facebook

সমগ্ৰ ৰাজ্যৰ লগতে মৌখোৱাত আলি-আয়ে-লৃগাং উদযাপন, গুমৰাগ নৃত্য আৰু ঐনিতঃমৰ সুৰত মুখৰিত আকাশ বতাহ।

সমগ্ৰ ৰাজ্যৰ লগতে মৌখোৱাত আলি-আয়ে-লৃগাং উদযাপন, গুমৰাগ নৃত্য আৰু ঐনিতঃমৰ সুৰত মুখৰিত আকাশ বতাহ।



অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ঢকুৱাখনাৰ মৌখোৱাত পালন কৰা হৈছে কৃষি ভিত্তিক উৎসৱ আলি-আয়ে-লৃগাং।

মিচিং জনগোষ্ঠীয় সকলৰ মাজত আজি আলি-আয়ে -লৃগাংৰ ব্যাপক ভাৱে উদযাপন কৰা দেখিবলৈ পোৱা গৈছে।

আলি -আয়ে -লৃগাং হৈছে মিচিং সকলৰ প্ৰধান কৃষি ভিত্তিক উৎসৱ।

ফাগুন মাহৰ  প্ৰথম সপ্তাহৰ বুধবাৰে মিচিং  জনগোষ্ঠীয়  সকলৰ মাজত পৰম্পৰাগত ভাৱে আলি-আয়ে-লৃগাং আয়োজিত হয়।

এই উৎসৱৰ আৰম্ভনিতে পূৰ্ব পুৰুষ সকলক স্মৰণ কৰি নৈবেদ্য কৰাৰ উপৰিও এমুঠি ধান মাটিত সিঁচি আহু খেতি আৰম্ভণি কৰাৰ লগতে বীজ সিঁচি কৃষি মঙ্গলৰ বাবে প্ৰাৰ্থনা কৰে।

এনেদৰে গুমৰাগ নৃত্য আৰু ঐনিতঃমৰ মাজেৰে আকাশ বতাহ কপাই জাতীয় সাজপাৰ পৰিধান কৰা দেখিবলৈ পোৱা গৈছে মৌখোৱা মুৰং অকুম  বাকৰিত।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post