গুমৰাগ আৰু ঐনিতমেৰে মুখৰিত কৰিলে চৌদিশৰ আকাশ বতাহ::আজি মিছিং সকলৰ কৃষিভিত্তিক জাতীয় উৎসৱ আলি-আই-লিগাং
অসমৰ ভূমি পুত্ৰ,দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী মিছিং সকলৰ জাতীয় উৎসৱ আলি-আয়-লৃগাং৷এই আলি-আয়-লৃগাঙক লৈয়েই পুৱাৰে পৰা ব্যস্ত হৈ পৰিল মিছিং অধ্যুষিত অঞ্চল সমুহৰ ৰাইজ৷বোকাখাত মহকুমাৰ মহুৰামুখৰ মিছিং অধ্যুষিত অঞ্চল সমুহো পুৱাৰে পৰা ব্যস্ত৷পুৱা মাঙ্গলিক নিয়ম নীতিৰে নিজৰ ইষ্ট দেৱতা সূৰ্য্য-চন্দ্ৰ,গুমিন-চয়িং,ৰুগজি-মেৰাঙৰ লগতে তাত্-য়ায়ক সাক্ষী কৰি নিজৰ বাৰিৰ চুকত লৃগদ্ কৰি মিছিং সকলৰ পৰম্পৰা গত জাতীয় বস্ত্ৰ মিবু গালোক,গনৰে ওগন,ৰিবি গাছৰ(পুৰুষ সকলে) আৰু ৰঙ বিৰঙৰ মচাং এগে,গেৰ আদি(মহিলা সকলে) পিন্ধি ৰাজহুৱা স্হানত ৰাজহুৱা ভাবে উদযাপিত হোৱা লিগাঙত অংশগ্ৰহণ কৰে৷মহুৰামুখৰ নামটেমেৰাত উত্তৰ মহুৰা,দিচৈ,দুসুতী আৰু গুলুং চাৰিটা পঞ্চায়তে মিলি উদযাপন কৰে৷নামটেমেৰা খেলপথাৰত আয়োজন কৰা লিগাঙত অৱসৰপ্ৰাপ্ত শিক্ষক,শিল্পী ললিত লইং আৰু তেওঁতৰ পত্নী চবিতি লইঙক ঘৰৰ পৰা ঢোলে দগৰে পৰম্পৰাগত ভাৱে আদৰি আনি মুল কাৰ্যসূচী লৃগদ্ ৰ কাম সমাপন কৰে৷তাৰ পিছতে মুকলি বিহুত গুমৰাগৰ চেও আৰু ঐনিঃতমৰ সুৰে মুখৰিত কৰে দ-অঞ্চটোৰ আকাশ বতাহ৷উক্ত আলি-আয়-লৃগাংঙত স্হানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰা,বোকাখাত মকুমাৰ মহকুমাধিপতি নেহা যাদৱেও উপস্থিত থাকি গুমৰাগৰ চেওঁত কঁকাল ভাঙি ৰাইজৰ লগত নচাৰ লগতে সমগ্ৰ অসম বাসীক ভুমি পুত্ৰ মিছিং সকলৰ জাতীয় উৎসৱ আলি-আয়-লৃগাঙৰ শুভেচ্ছা জনায় ৷