অসমৰ অন্যতম জনগোষ্ঠী মিচিং সকলৰ প্ৰাণস্পন্দন স্বৰূপ কৃষিভিত্তিক লোক উৎসৱ আলি আঃয়ে লৃগাঙ ।
অসমৰ নৈপৰীয়া মিচিং সকলে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে পালন কৰে কৃষিভিত্তিক লোক উৎসৱ আলি আঃয়ে লৃগাঙ ।
অসমৰ বিভিন্ন প্ৰান্তৰ লগতে জোনাইটো মিচিং সকলৰ পৰম্পৰা আৰু ৰীতি-নীতিৰে উৎযাপন কৰিছে আলি আঃয়ে লৃগাঙ ।
আলি মানে আলু বা মূল - আঃয়ে মানে ফল বা গুটি - লৃগাং মানে সিঁচা বা ৰোৱাৰ আৰম্ভণি ৷ অৰ্থাৎ শস্যৰ গুটি বা বীজ সিঁচাৰ আৰম্ভণি উৎসৱ ৷
জোনাইৰ বিভিন্ন অঞ্চলৰ লগতে নাহৰ বৰগুলিত মিচিং সকলৰ পৰম্পৰা অনুসৰি ৰীতি নীতিৰে আৰম্ভ কৰে বীজ ৰূপন ।
ইয়াৰ পিছতে নাহৰ বৰগুলিৰ গাভৰু বোৱাৰী আদিকে ধৰি সকলোৱে একতাৰে নাচিলে গুমৰাগ চঃমান ।
Tags:
Art & culture