অসম পশ্চিমবঙ্গ সীমান্তৰ ধুবুৰী আৰক্ষীৰ অবৈধ লাখ লাখ টকা উদ্ধাৰ: আৰক্ষীৰ তদন্ত অব্যাহত।
ভাৰত তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ ,পাকিস্তান আৰু আফগানিস্তানলৈ বিভিন্ন অত্যাৱশ্যকীয় সা সামগ্ৰীকে ধৰি গৰু আৰু জাল নোট আদি চোৰাং কৈ যে নিতৌ আদান প্ৰদান চলি আহিছে এয়া সৰ্বজনবিধিত। কিন্ত শেহতীয়াকৈ কেন্দ্ৰীয় ৰাজ্য চৰকাৰ আৰু আৰক্ষী সেনা বাহিনীয়ে এনেবোৰ বিষয়ত বিশেষ তৎপৰতা গ্ৰহণ কৰা পিচতো অন্ত পৰে নাই এনেবোৰ চোৰাং কাৰ্য্য আৰু আন এক অপ্ৰকাশিত ছিণ্ডিকেট ৰাজ । মূলতঃ প্রাপ্ত বাতৰি মতে নামনি অসমৰ ধুবুৰী জিলা আৰক্ষী বাহিনীয়ে গোপন তথ্যৰ ভিত্তিত আজি অসম পশ্চিমবংগ ৰাজ্য ৰ সীমান্তবৰ্তী এলেকাৰ ৰাষ্ট্ৰীয় ঘাইপথ ত চলাচল কৰে এখন বাছৰ পৰা অভিযান চলাই দুজন যুৱক সহ মুঠ তেৰ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আটকাধিন যুৱক দুজন ধুবুৰী জিলা সদৰ চহৰৰ ইউছুফ আলী আৰু ছহিদুল ইছলাম বুলি চিনাক্ত কৰিছে ।যুৱক দুজনৰ পৰা আৰক্ষীয়ে দুটা মোবাইল ফোন লগতে ডিজিটেল ফৰ্মেত আৰু তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। যুৱক দুজনে এই তেৰ লাখ টকা লৈ বাংলাদেশৰ পৰা পশ্চিমবংগ হৈ কোচবিহাৰ ,অসমৰ ধুবুৰী,দক্ষিণ শালমাৰা ,মেঘালয় আদি বিভিন্ন ঠাইলৈ হাৱালাৰ মাধ্যমত বহুতো ধন সৰবৰাহ কৰি আহিছে। একেদৰে উক্ত ঘটনাৰ বিশেষ তদন্ত অব্যাহত ৰাখিছে বুলি ধুবুৰী জিলা আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে এক সংবাদ মেলত প্ৰকাশ কৰিছে ।
Tags:
CRIME & CRIMINAL