গহপুৰৰ দক্ষিণ অঞ্চলৰ মিচিং অধ্যূষিত বৰতামুলী, সৰতামুলী, পাকেন, ৰাওনামূখ আদি অঞ্চলৰ খেতিয়কৰ বিলৈ।
বানে ধোৱা গহপুৰৰ উক্ত অঞ্চলৰ একমাত্ৰ খৰালি খেতিত প্ৰকৃতিৰ সেন চকু।
তিনিদিন পূৰ্বে অহা শিল বৰষুণে নষ্ট কৰি পেলালে শ শ বিঘা মাটিৰ সৰিয়হ খেতি।
সৰিয়হ খেতিৰ ওপৰিও বিভিন্ন ৰবি খেতিৰ ব্যস্তৰ ক্ষতি সাধন।
কপালৰ ঘাম মাটি কৰি কৰা ৰবি খেতি অনিষ্ট হোৱাত মূৰে কপালে হাত দি বহিছে খেতিয়ক। অনিষ্ট হোৱা খেতিৰ খবৰ লবলৈ আহৰি নাই মহকুমা প্ৰশাসন কিম্বা জনপ্ৰতিনিধি।
কৃষি বিভাগ আৰু চৰকাৰক ক্ষতিপূৰণ কিম্বা সহায় সাহাৰ্য্য প্ৰদান কৰাৰ আহ্বান খেতিয়ক ৰাইজৰ।
Tags:
Assam news