Share on Facebook

ককালত টঙালি বান্ধি মিচিং সকলৰ প্ৰাণস্পন্দন স্বৰূপ আলি আঃয়ে লৃগাঙক আদৰিবলৈ ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে মিচিং গাঁৱ সমুহত ।

  চাওঁতে চাওঁতে আহি পালে লৃগাং, শিমলু মদাৰ আদি ফুলেৰে ৰাঙলী হৈ পৰিছে আকাশ, গোমৰাগ ঐনিতমৰ কলিৰে আকাশে বতাহে মুখৰিত হৈ পৰিছে নৈপৰিয়া মিচিং জনবসতি গাৱসমুহত ।


   ককালত টঙালি বান্ধি মিচিং সকলৰ প্ৰাণস্পন্দন স্বৰূপ আলি আঃয়ে লৃগাঙক আদৰিবলৈ ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে মিচিং গাঁৱ সমুহত ।

           নিচাময় ফাগুনৰ পৰশত উৰি যায় নঙতা গছৰ বেজাৰো । তেনেহেন সময়তে শিমলু, মদাৰ, কম্বং ফুলৰ ৰঙে ৰঙীয়াল কৰি তুলে এই পৃথিৱীক । আৰু তেনেহেন বতৰত অসমৰ অন্যতম ভূমিপুত্ৰ তথা নৈপৰীয়া মিচিং সকল সাজু হৈ উঠিছে মিচিং সকলৰ প্ৰাণস্পন্দন স্বৰূপ আলি আঃয়ে লৃগাঙক আদৰিবলৈ । 

             ফাগুনৰ প্ৰথমটো বুধবাৰত মিচিং সকলে পালন কৰে মিচিং সকলৰ কৃষিভিত্তিক লোক উৎসৱ আলি আঃয়ে লৃগাং । কাৰণ বুধবাৰৰ দিনটোক মিচিং সকলে বিশ্বাস কৰি আহিছে শুভ দিন হিচাপে । অন্যান্য প্ৰান্তৰ লগতে আলি আঃয়ে লৃগাঙক আদৰিবলৈ ধেমাজি জিলাৰ জোনাইতো গাৱে গাৱে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে ।


 

               মিচিং মহিলা গাভৰু সকলে আলি আঃয়ে লৃগাঙলৈ বুলি ঘৰে ঘৰে এনেদৰে পঃৰঃ আপং অৰ্থাৎ চাইমত প্ৰস্তুত কৰাত ব্যস্ত, আনফালে গাভৰু অথবা মিচিং মহিলা সকলে লৃগাঙত নিজৰ আপোনজনক বা অতিথিক মিচিং এৰকক বা ৰিবি গাছেং দিবলৈ তাঁতশালত ব্যস্ত ।

                ইফালে মিচিং সকলৰ প্ৰাণস্পন্দন স্বৰূপ আলি আঃয়ে লৃগাঙৰ আগমনে জোনাইৰ প্ৰান্তে প্ৰান্তে আনন্দত মতলীয়া হৈ পৰিছে ডেকা গাভৰু বোৱাৰী আদিৰ হিদয়ত । সেয়েহে এমাহ পূৰ্বৰ পৰাই এনেদৰে জোনাইৰ মিচিং বসতি পূৰ্ণ বিভিন্ন গাঁৱত এনেদৰে গোমৰাগ চঃমান অৰ্থাৎ গোমৰাগ নৃত্যৰ আখৰাত ব্যস্ত মিচিং ডেকা গাভৰু বোৱাৰী আদি সকলে । মিচিং সকলৰ বাবে আলি আঃয়ে লৃগাঙ মানে ফাগুন আৰু ফাগুন মানে আলি আঃয়ে লৃগাঙ । সেয়েহে এতিয়া মিচিং গাঁৱৰ পুৰুষ সকলে পুৰাং আপিন অৰ্থাৎ  ভাত বনোৱা তৰা পাত সংগ্ৰহ কৰাত ব্যস্ত এনেদৰে ।



MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post