মাজুলীৰ ফুলনীত তেল ডিপোত উত্তপ্ত পৰিস্থিতি। ইণ্ডিয়ান অইলৰ ডিপোত তেল দিয়া বিসংগতিক লৈ উত্তপ্ত পৰিবেশ , ডিপোৰ কৰ্মচাৰী আটক।
আজি মাজুলীৰ ফুলনী চাৰিআলি ইণ্ডিয়ান অইলৰ তেল ডিপোত চলি থকা বিসংগতি ধৰা পেলাই এগৰাকী মহিলা গ্ৰাহকে।। দীৰ্ঘ দিন ধৰি এই ডিপোটোত টকাৰ পৰিমাণৰ তেল প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে ।।আজি এগৰাকী গ্ৰাহকে 220 টকাৰ পেট্ৰল চাৰিচকীয়া বাহনত তেল দিওঁতে ডিপোৰ কৰ্মচাৰী ৰাম প্ৰৱেশ নামৰ এজন কৰ্মচাৰীয়ে গাড়ী খনত তেল ভৰোৱা চলেৰে এটা ড্ৰামত আধা খিনি তেল ভৰোৱাতে ধৰা পৰে ।গাড়ীখনৰ কাষতে ৰৈ থকা এগৰাকী মহিলাই এই সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰি লগে লগে বাহন খনৰ মালিকক অৱগত কৰে ইয়াৰ পাছতে বিসংগতি লৈ তেল দিপু উত্তপ্ত পৰিবেশৰ পৰিবেশৰ সৃষ্টি হয় ।।ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ফুলনী ডিপো কৰ্মচাৰী ৰাম প্ৰৱেশ ।।ডিপো বিৰুদ্ধে দীৰ্ঘ দিন ধৰি এনে বিসংগতি অভিযোগ উত্থাপন কৰিছে গ্ৰাহকে।
Tags:
Assam news