NHPCৰ বিৰুদ্ধে গোগামুখ আঞ্চলিক ছাত্র সন্থা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিক্ৰিয়া ।
আগষ্ট মাহৰ পৰা ৫০০ মেগাৱট বিদ্যুত উৎপাদনৰ কাম ঘোষণা কেন্দ্ৰীয় শক্তি মন্ত্ৰী ৰাজকুমাৰ সিঙৰ।
অসমৰ যি জাতীয় সংগঠন সমূহে গেৰুকামুখস্থিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প (NHPC) নিৰ্মাণৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল যদিও দল সংগঠন সমূহৰ প্ৰবল প্ৰতিবাদক আওকাণ কৰি ৰাজ্য চৰকাৰৰ সহযোগত কেন্দ্ৰীয় চৰকাৰে আগষ্ট মাহৰ পৰা ৫০০ মেগাৱট বিদ্যুত উৎপাদৰ কাম আৰম্ভ কৰিব।শক্তি মন্ত্ৰীৰ ঘোষণা হোৱাৰ পাছতে ক্ষুব্ধ হৈ পৰিছে দল সংগঠন।
য'ত নামনি বাসী ৰাইজৰ জীৱন নিৰাপত্তা সুনিশ্চিত নোহোৱা পৰ্যন্ত চৰকাৰৰ এনে ঘোষণাক গোগামুখ আঞ্চলিক ছাত্ৰ সন্থা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি গোগামুখ আঞ্চলিক সমিতিয়ে কোনোপধ্যেই মানি লোৱা ন'হব বুলি তীব্ৰ ভাষাৰে গৰিহনা দিয়ে।
Tags:
Assam news