এটা যুগৰ অৱসান ঘটাই ভাৰতৰ সংগীতৰত্ন লতাজীৰ মহাপ্ৰয়ান:
মুম্বাইৰ শিবাজী উদ্যানত ৰাষ্ট্ৰীয় মৰ্য্যদাৰে বিলীন হল পঞ্চভূতত ।
দেশ বিদেশৰ লগতে অসমতো বঙাইগাঁও জিলাত পালন শোক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।
শিক্ষা আৰু জ্ঞানৰ ঈশ্বৰ সৰস্বতী পূজাৰ পিছদিনাখনেই বিশ্বৰ অত্যাধুনিক যুগৰ ধৰণীৰ সংগীত ৰ সৰস্বতী লতাজী আজি পঞ্চভূতত বিলীন হোৱাৰ ফলত সমগ্ৰ দেশ বিদেশ তথা ভাৰতৰ লগতে উত্তৰ পূৰ্বাঞ্চল আৰু অসমতো শোকসন্তপ্তই ডুবাই পেলালে। উল্লেখযোগ্য যে যোৱা ১৯২৯ চনত ইণ্ডৰৰ এক মাৰাঠী পৰিয়ালত জন্মগ্ৰহণ কৰা সংগীতৰ দেৱী লতা মংগেছকাৰৰ সৈতে আমাৰ অসমৰ সম্পৰ্ক এটা পৰিয়ালৰ দৰে যদিও প্ৰয়াত লতাজী ৰ জীৱিত কালত অসমীয়াকে ধৰি ৩৬টা ভাষাত প্ৰায় পঞ্চাশ হাজাৰৰ অধিক গীত আমাৰ বিশ্বত দি গল।সংগীতৰ পৰিয়ালত জন্মগ্ৰহণ কৰা লতাজী ৰ ১৯৪৫চনত "মহল"বোলছবিৰে সঙ্গীত জীৱনত পদাৰ্পণ কৰাৰ পিছত তেওঁৰ জীৱনকালত বহু ৰাষ্ট্ৰঃ তথা দেশ বিদেশৰ পৰা বহুতো পুৰস্কাৰেৰে সন্মানিত হৈছিল।আৰু লতাজী ৰ ১৩ বছৰ বয়সতে পিতৃহাৰা হোৱাত তেওঁৰ জীৱনত কিছু খেলি মেলি হৈছিল যদিও তথাপিও ৰৈ থকা নাছিল।একেদৰে আমাৰ অসমতো বহুতবাৰ পদাৰ্পণ কৰি বহুতো কালজয়ী অসমীয়া গীত কণ্ঠদান কৰি ৰাজ্যবাসীৰ সুসম্পৰ্ক সুদৃঢ় কৰিছিল। সেইগৰাকী কোকিল কন্ঠ লতা মংগেছকাৰৰ হঠাতে অসুস্থ হৈ পৰাত মুম্বাইৰ ব্ৰিজকাণ্ডি চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ মূলতঃ ২৯টা দিন পিছত আজি ৰাতিপুৱা ৮:১২বজাত লতাজী ইঁহসংসাৰ ত্যাগ কৰে।প্ৰাপ্ত বাতৰি মতে কোকিল কণ্ঠী লতা মংগেছকাৰৰ মৃত্যুৰ বাতৰি মুহূৰ্তৰ ভিতৰতে বিশ্ব তথা দেশ বিদেশলৈ বিয়পি পৰাত বিভিন্ন মহলত ম্ৰিয়মান হৈ পৰে ।আৰু ইতিমধ্যে ভাৰতৰ ৰাষ্ট্ৰপতি ,প্ৰধানমন্ত্ৰী কে ধৰি প্ৰতিটো ৰাজ্যৰ মুখ্যমন্ত্ৰী ,মন্ত্ৰী, সাংসদ,সংগীত শিল্পী,অভিনেতা, খেল জগতৰ তাৰকা,উদ্যোগপতি,সমাজকৰ্মী ,অৰ্থনীতিবিধ আৰু লাখ লাখ জনগণ তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি শান্তি আৰু স্বৰ্গবাসীৰ কামনা কৰে ।ইফালে কোকিল কণ্ঠী লতা মংগেছকাৰৰ নশ্বৰদেহ তেওঁৰ গৃহ মুম্বাইৰ প্ৰভুগঞ্জ ৰ পৰা মুম্বাইৰ শিবাজী গাৰ্ডেনলৈ লাখ লাখ লোকে শোভাযাত্ৰা কৰি আনি সম্পূৰ্ণ ৰাষ্ট্ৰীয় চৰকাৰী মৰ্য্যদাৰে অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছে।আনহাতে আমাৰ অসমতো প্ৰতিটো জিলাত বিভিন্নমহলে শোক অনুষ্ঠান পাতি শোক প্ৰকাশ কৰাৰ বাতৰি আমালৈ আহি আছে।যদিও নামনি অসমতো গোৱালপাৰা, বৰপেটা, ধুবুৰী, বিটিএডি এলেকাকে ধৰি বঙাইগাঁও জিলাতো লতাজীৰ মৃত্যুক লৈ বিভিন্ন শোক অনুষ্ঠান পালন কৰিছে।প্ৰাপ্ত বাতৰি মতে বঙাইগাঁও জিলা সদৰ চহৰৰ মুখ্য স্থান মায়াপুৰী তিনিআলি চকত ভাৰতীয় মানৱ অধিকাৰ সংগ্ৰাম সমিতি বঙাইগাঁও জিলা সমিতিয়ে লতাজীৰ চিত্ৰৰ সন্মুখত মমবাতি জ্বলাই পুষ্প মাল্য অৰ্পণ কৰি এক শোক সভাৰ অনুষ্ঠান পালন কৰে। উক্ত অনুষ্ঠানত সংগঠনটোৰ বঙাইগাঁও জিলা সমিতিৰ অসমৰ উত্তৰ মণ্ডলৰ বিষয়া পাৰ্থ চক্ৰৱৰ্তী, বঙাইগাঁও জিলা সমিতিৰ যুটীয়া সম্পাদক আব্দুল কালাম আজাদ, স্বেচ্ছাসেৱক শংকৰ চক্ৰৱৰ্তী,সহ কোষাধক্ষ্য গদাই চাৰকা, মিনানুল হক, পুলিচ ষ্টেচন বৰ্ডৰ উপ সভাপতি শৈকত চক্ৰৱৰ্তী আৰু বৰ্ডৰ সদস্য চন্দন দে আদি উপস্থিত আছিল।একেদৰে উত্তৰ শালমাৰা মহুকুমাটো লতাজীৰ মহাপ্ৰয়ানৰ শোক অনুষ্ঠান পালন কৰা বুলি জানিব পৰা গৈছে।আমিও এই বাতৰিৰ জৰিয়তে সংগীতৰত্ন লতা মংগেছকাৰৰ মহাপ্রয়ানত শোক প্ৰকাশ কৰিছো।
ষ্টাফ ৰিপৰ্টাৰ বঙাইগাঁও, প্ৰফুল্ল কুমাৰ দাস।