মহুৰামুখৰ নামটেমেৰাত আলি আই লৃগাঙৰ ব্যাপক প্ৰস্তুতি ৷
অসমৰ দ্বিতীয় সৰ্ববৃহৎ মিছিং সকলৰ হেপাঁহৰ আলি আই লৃগাঙ সমাগত৷লৃগাঙলৈ আৰু কেইটামান দিন বাকী থকা সময়ত অসমৰ বিভিন্ন ঠাইৰ লগতে বোকাখাত বিধান সভা সমষ্টিৰ মহুৰামুখৰ নৈ পৰীয়া দিচৈ,দুসুতি,উত্তৰ মহুৰা আৰু গুলুংটেমেৰা পঞ্চায়তৰ যৌথ উদ্যোগত আৰু নামটেমেৰা বাসী ৰাইজৰ সহযোগত আঞ্চলিক ভিত্তিত লৃগাং উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে৷ফাগুনৰ প্ৰথমটো বুধবাৰে উদযাপন কৰিব লগীয়া লৃগাঙৰ বাবে নগজিন আৰু পৰ আপঙ বনোৱাত ব্যস্ত হৈ পৰিছে গাৱঁৰ মহিলা সকল৷ইফালে ঐনিতম আৰু গুমৰাগৰ চেৱে চেৱে প্ৰাণ ঢালৰলৈ প্ৰস্তুত হৈ গভৰু সকলে বৈ উলিয়াইছে হেপাঁহৰ মচাং এগে,মিবু গালুক৷ফাগুনৰ প্ৰথমটো বুধবাৰে নৈ পৰীয়া মিছিং সকলে তেওঁলোকৰ ইষ্ট দেৱতাক স্মৰণ কৰি এই দিনাই ধান সিঁচা কাম আৰম্ভ কৰি দঞি: পলক খেতি পথাৰত পোক পৰুৱাইৰ পৰা বচাবলৈ স্মৰণ কৰে৷
Tags:
Mising Art & culture