ঢকুৱাখনাৰ বৰ্ষামুখ গৰখীয়াচুকত প্ৰেমে অপৃন কেবাঙৰ তৃতীয় বাৰ্ষিক অধিৱেশন অংশগ্ৰহণ শিক্ষা মন্ত্ৰী ড: ৰণোজ পেগু।
ঢকুৱাখনাৰ বৰ্ষামুখ গৰখীয়াচুকত বিশিষ্ট সমাজকৰ্মী তথা লেখক স্বৰ্গীয় ৰত্নেশ্বৰ প্ৰেমে ক্ষেত্ৰত মিচিং জনগোষ্ঠীৰ অন্যতম বংশধৰ প্ৰেমে অপৃন বা প্ৰেমে বংশ কেবাঙৰ তৃতীয় বাৰ্ষিক অধিৱেশন ৫ আৰু ৬ ফেব্ৰুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে।
আজি মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰেমে বংশৰ জোৱাই তথা অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ড: ৰণোজ পেগু আৰু তেখেতৰ সহধৰ্মীনি ড: মামণি প্ৰেমে পেগু।
মন্ত্ৰী গৰাকীয়ে প্ৰেমে বংশৰ জোৱাই হিচাপে উপস্থিত থাকি আনন্দ প্ৰকাশ কৰি কয় যে,মৌখিক ইতিহাস সমূহ নিজ নিজ বংশৰ জড়িয়তে সংৰক্ষণ কৰাৰ কথা উল্লেখ কৰি আগন্তুক আলি আয়ে লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰে।
Tags:
Mising Art & culture