বিহপুৰীয়া বদতি লাগাছু বংশাৱলীৰ লাইখুটা স্থাপন।
উদুলি মুদুলি ঐনিতঃৰ মাজেৰে বদতি লাগাছু অপৃন কেবাঙৰ বাকৰি
অসমৰ দ্বিতীয় বৃহত্তম মিচিং জনগোষ্ঠীৰ লাগাছু বংশাৱলীৰ ২০২২বৰ্ষৰ দ্বিতীয় কাৰ্যসূচী ৰূপায়ণৰ হেতু আজি বদতি লাগাছুত লাইখুটা স্থাপন কৰা হয়।
মাংগলিক ৰীতি - নীতি মাজেৰে লাইখুটা স্থাপনৰ কাৰ্যসূচীত মিচিং কৃষ্টি গুমৰাগ চঃমানেৰে উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হয়।
উল্লেখযোগ্য যে অহা ৮-৯ আৰু ১০ এপ্ৰিল২০২২ত তিনিদিনীয়া কাৰ্যসূচীৰে বদতি লাগাছু ক্ষেত্ৰত আয়োজন কৰা হ'ব লাগাছু অপৃন কেবাঙৰ অধিৱেশন।
প্ৰায় ১০হাজাৰো অধিক ব্যক্তিক অপ্যায়ন কৰা হ'ব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে।
Tags:
Mising Art & culture