এতিয়া চৌদিশে পলাশ - শিমলু - মদাৰ - ফুলিছে ৷ ৰাঙলী হৈছে আকাশ ৷ যেন লৃগাঙৰহে বতৰা কঢ়িয়াই আনিছে ৷
অসমৰ অন্যতম জনগোষ্ঠী মিচিং সকলে আগন্তুক ফাগুন মাহৰ প্ৰথম বুধবাৰে উদযাপন কৰিব জাতীয় উৎসৱ আলি - আঃয়ে - লৃগাং ৷ আলি মানে আলু বা মূল - আঃয়ে মানে ফল বা গুটি - লৃগাং মানে সিঁচা বা ৰোৱাৰ আৰম্ভণি ৷ অৰ্থাৎ শস্যৰ গুটি বা বীজ সিঁচাৰ আৰম্ভণি উৎসৱ ৷
অসমৰ বিভিন্ন প্ৰান্তৰ লগতে জোনাইৰ গালী য়াৰি গাৱঁতো আগন্তুক আলি আঃয়ে লৃগাঙৰ গোমৰাগ নৃত্য আৰু ঐনিতমৰ আখৰা অব্যাহত ৰাখিছে । জোনাইৰ পৰা অধিক জনাব আমাৰ জোনাইৰ সাংবাদিক পলাশ মেদকে ।
Tags:
Mising Art & culture