সোৱণশিৰি নামনি বাহবাৰী মেদক গাঁৱত প:ৰাগ উৎসৱ উদযাপনৰ প্ৰস্তুতি।
সোৱণশিৰি নামনি বাহবাৰী মেদক গাঁৱত ঐক্য শান্তি সম্প্ৰীতিৰ এনাজৰী বজাই ৰখাৰ উদ্দেশ্যৰে অহা ১০ ৰ পৰা ১৪ ফেব্ৰুৱাৰীত চাৰিদিনীয়াকৈ মিচিং সকলৰ কৃষিভিত্তিক উৎসৱ প:ৰাগ উৎসৱ বা নৰাচিগা উৎসৱ উদযাপনৰ বাবে প্ৰায় সকলো ফালৰ পৰা প্ৰস্তুতি তুংগত হৈ উঠিছে।
বসুন্ধুৰাৰ আকুল আহ্বানেৰে প্ৰকৃতিক সেউজ সমৃদ্ধি কৰি, উৰ্বৰা শক্তি বৃদ্ধি কৰি, প্ৰচুৰ পৰিমাণে খাদ্য উৎপাদনৰ লগতে গাওঁ বাসীৰ সৰ্বাগীন দিশত উন্নতিৰহকে দ:ঞি প:ল,কাৰচিং-কাৰতাং,ৰুগজি-মেৰাং আদি ইষ্টদেৱতাৰ আশীৰ্বাদ বিচাৰি প্ৰতি পাচ বছৰৰ অন্তৰে অন্তৰে পালন কৰা প:ৰাগ উৎসৱৰ বাবে প্ৰতিকুল বতৰকো নেউচি দিনে-নিশাই ব্যস্ত হৈ পৰিছে গাওঁবাসী।
ব্যস্ত হৈ পৰিছে গাঁৱৰ জীয়ৰী বোৱাৰী সকল গুমৰাগ নৃত্যৰ আখৰা কৰাত
ঐনিতমৰ ছন্দত মুখৰিত হৈ পৰিছে প:ৰাগ থলী।
নামনি বাহবাৰী মেদক গাৱঁৰ পৰা বিয়া উলিয়াই দিয়া জী-জোৱাই সকলকো উক্ত পৰাগ উৎসৱত আমন্ত্ৰণ জনাইছে ।
Tags:
Mising Art & culture