গোগামুখ মহাবিদ্যালয় আৰু গোগামুখ বালিকা বিদ্যালয়ত সৰস্বতী পূজা উদযাপন।
আজি অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতী পূজা।পুৱাৰ পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিদ্যালয়-মহাবিদ্যালয় সমুহত উখল মাখল পৰিৱেশ।ডাৱৰীয়া বতৰকো নেওচি ছাত্র-ছাত্ৰীসকল পুৱাই সাজিকাছি মা সৰস্বতীৰ আশীৰ্বাদ ল'বলৈ ওলাই আহিল বিদ্যালয় মহাবিদ্যালয় সমুহত।ব্যতিক্ৰম নহয় গোগামুখটো।আজি পুৱাৰ পৰা গোগামুখৰ বিদ্যালয় মহাবিদ্যালয় সমুহত মা সৰস্বতীৰ শ্ৰীচৰণত আশীৰ্বাদ লবলৈ সাজিকাছি ওলাই অহা দেখিবলৈ পোৱা গ'ল ছাত্র ছাত্ৰী সকলক।এই দৃশ্য হৈছে গোগামুখ মহাবিদ্যালয় আৰু গোগামুখ বালিকা মাধ্যমিক বিদ্যালয়ৰ।ছাত্ৰ-ছাত্ৰীসকল এনেদৰে পুৱাৰ পৰা ওলাই আহি বিদ্যাৰ দেৱী সৰস্বতীৰ আশীৰ্বাদ লোৱাৰ লগতে চৰকাৰী ক'ভিড বিধি মানি গোগামুখৰ বিদ্যালয় সমুহত সৰস্বতী পূজা পালন কৰা দেখা গ'ল।
Tags:
Assam news