নিচাময় ফাগুনৰ শৰত, শীতৰ ঠেৰেঙা জাৰত উৰি যায় নঙতা গছৰ বেজাৰো । তেনে সময়তে শিমলো, মদাৰ, কম্বং ফুলৰ ৰঙে, ৰঙীয়াল কৰি তুলে পৃথিৱীক । আৰু তেনে বতৰতে অসমৰ অন্যতম ভূমিপুত্ৰ তথা নৈপৰীয়া মিচিং সকলে সাজু হৈ উঠিছে মিচিং সকলৰ প্ৰাণস্পন্দন স্বৰূপ আলি আঃয়ে লৃগাঙক আদৰিবলৈ । কাৰণ ফাগুনৰ প্ৰথমটো বুধবাৰত মিচিং সকলে পালন কৰে মিচিং সকলৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাঙ । এনে সময়তে আলি আঃয়ে লৃগাঙক আদৰিবলৈ সাজু হৈ পৰিছে জোনাইৰ তেলাম দৃৰবৃ কেবাঙ । জোনাইৰ পৰা অধিক জনাব আমাৰ জোনাইৰ সাংবাদিক পলাশ মেদকে ।
Tags:
Art & culture