জোনাই মহকুমাৰ 515 নং ৰাষ্ট্ৰ ঘাইপথ তাকে তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা সংগঠিত হয় I জানিব
পৰা মতে মঙ্গলবাৰে ৭:৩০ মান বজাত AR 01L 9579 নাম্বাৰৰ এটা বলেৰ গাড়ী আৰু AS 22F 48203
নাম্বাৰৰ স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষ সংগঠিত হয় I
মুখা-মুখি সংঘৰ্ষত স্কুটী আৰোহী তিনিজন ক্ৰমে চিমেন চাপৰি থানাৰ অন্তৰ্গত নামকিৰ গাওঁৰ কোনাল
টায়ে (14) তেলাম মিকিৰ গাওঁৰ প্ৰনৱ কুলি (17) আৰু জোনাই থানা অন্তৰ্গত বৈকুণ্ঠপুৰৰ চেম চুংক্ৰাং (16)
নামৰ যুৱক তিনিজন গুৰুতৰ ভাৱে আহত হয় ৷
যুৱক তিনিজনক জোনাই অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও জোনাই অসামৰিক
চিকিৎসালয়ত কোনাল টায়ে (14) নামৰ যুৱকজনৰ মৃত্যু হয় I সংকটজনক অৱস্থাত থকা প্ৰনৱ কুলি আৰু
চেম চুংক্ৰাংক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ AMC লৈ প্ৰেৰণ কৰা হয় I
Tags:
Accident-medical