পাঞ্জাৱৰ লভলী প্ৰফেচনেল ইউনিভাৰচিটিত চলি থকা ৰাষ্ট্ৰীয় WUSHU প্ৰতিযোগিতাত ছোৱালীৰ ৫২
কেজি শাখাত ছিকিমৰ খেলুৱৈক পৰাস্ত কৰি চেমি ফাইনেলত প্ৰৱেশ গহপুৰৰ হেলেমৰ লেপেটা পাৰাৰ
জীয়ৰী প্ৰতিভা টায়ে ।
শনিবাৰে তৃতীয় ৰাউণ্ডত কৰ্ণাটকৰ চাহাৱা মাডাৰক পৰাস্ত কৰি আজি দেওবাৰে
দিল্লীৰ খেলুৱৈ এঞ্জেল ৰায়ৰ সৈতে কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হৈ এঞ্জেল ৰায়ক পৰাস্ত কৰি চেমি
ফাইনেলৰ পথ মুকলি কৰিলে প্ৰতিভাই। প্ৰতিভাই অসম তথা হেলেম লৈ গৌৰৱ কঢ়িয়াই আনক তাৰেই
কামনা কৰিছে হেলেম তথা গহপুৰ বাসী ৰাইজে।
Tags:
Sports