ৰাজ্যৰ চাৰিগৰাকী যুৱকৰ দু:সাহসীক নদী অভিযান যাত্ৰা।
এই যাত্ৰা সোৱণশিৰি ইক' কেম্পৰ পৰা বৰলুইতেৰে তেজপুৰলৈ বাঁহৰ নৌকাসদৃশ- যাক কোৱা হয় 'মেলেং'যাত্ৰা।
আজি 'শিবুক' নামেৰে নৌকা সদৃশ মেলেঙেৰে পুৱা সোৱণশিৰি নদীয়েদি এই যাত্ৰা আৰম্ভ কৰে।
সহযোগ কৰে ধেমাজি আৰক্ষী অধীক্ষক আৰু ৰঞ্জন ভুঁঞা আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী প্ৰশান্ত বড়িয়ে।
এই যাত্ৰাত আছে নগাঁৱৰ শেখৰ বৰদলৈ, যোৰহাটৰ ৰিচান দলে,আশোটোস কাশ্যপ লখিমপুৰৰ নীলিম মহন্ত।
খাদ্য নোলোৱাকৈ কৰিব এই যাত্ৰা। বনৰীয়া শাক-পাচলি, ফল-মূল ভোজনেৰে কৰিব যুৱক কেইগৰাকীয়ে নৌকা যাত্ৰা।
নদী পৰ্যটন উন্নয়ন আৰু প্ৰসাৰ কৰাই তেওঁ লোকৰ উদ্দেশ্যে।
Tags:
Assam news