শ্বহীদৰ মহান ত্যাগক সন্মান জনাই সকলো সময়তে সহযোগিতাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতেপৰিয়াললৈ ৫০ লাখ টকাৰ আৰ্থিক সাহয্য আগবঢ়াই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে মন্ত্ৰী শ্ৰী ইউ জি ব্ৰহ্ম, বিধায়কসকল ক্ৰমে শ্ৰীজয়ন্ত মল্ল বৰুৱা, শ্ৰীভূপেন বড়ো, শ্ৰীলৰেন্স ইছলাৰী আৰু শ্ৰীজিৰণ বসুমতাৰীয়ে।
বুধবাৰে সুমন স্বৰ্গীয়াৰীৰ বাসগৃহত উপস্থিত হৈ শ্বহীদ জোৱানজনৰ কণমানি সন্তানক দেখি আৱেগিক হৈ পৰিল মুখ্যমন্ত্ৰীগৰাকী।
মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে, ঠেকেৰাকুছি কাঁহিবাৰী গাঁৱৰ পথছোৱা শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ নামত উৎসৰ্গা কৰা হ’ব।
Tags:
Assam news