এছিয়াৰ ভিতৰতে একমাত্ৰ উপলব্ধ দুষ্প্ৰাপ্য ঔষধী চিয়া নাহৰৰ উপলব্ধ বাবে খ্যাত
৯,৯০০০ বৰ্গ হেক্টৰেৰে আগুৰি থকা বনাঞ্চল খনৰ জৈৱ বৈচিত্ৰ্যক তুচ্ছ জ্ঞান কৰি ভাৰত
চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মণ্তালঢ়ৰ গুৱাহাটীত অৱস্থিত ৰিজ'নেল
এমপাৱাৰ্ড কমিতিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা ২০০০ মেগাৱাট বিদ্যুৎ
বিশ্বনাথ চাৰিআলিলৈ সৰৱৰাহ কৰাৰ ক্ষেত্ৰত যি ভূমিকা গ্ৰহণ কৰিছে স্বেচ্ছাসেৱী সংস্থা
দুলুং কনজাৰভেচন চচাইটিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
আজি বনাঞ্চলখনৰ পথালিপাম বনখণ্ডৰ কাৰ্যালয়ৰ সন্মুখত আয়োজন কৰা এক সংবাদ
মেলত বন্যহস্ত্ৰী, পশু পকী, কীট পতংগ আৰু মেটমৰা দুৰ্লভ অৰ্কিডৰ ভৰপূৰ বনাঞ্চল
খনক ৰিজ'নেল এমপাৱাৰ্ড কমিতিৰ কাৰ্যালয়ে বিলুপ্ত প্ৰায় অৱস্থালৈ ঠেলি পৰিৱেশ, অৰণ্য
আৰু জলবায়ু ধ্বংস কৰা কাৰ্যক সহ্য নকৰে বুলি চছায়টিয়ে সকীয়াই দিছে ।
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ জৰিয়তে নামনিৰ জন - জীৱনক মৰণৰ মূখলৈ থেলি
দিয়াৰ আশংকা কৰাৰ লগতে সোৱণশিৰি,দুলুং আৰু কাকৈ সংৰক্ষিত বনাঞ্চলৰ জৈৱ
বৈচিত্ৰ্যক বিপন্ন কৰিব খুজা কাৰ্যকো সংবাদ মেলৰ দ্বাৰা গৰিহণা দিয়াৰ উপৰিও গণতান্ত্ৰিক
আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰিছে।