কোকৰাঝাৰ চহৰৰ গৌৰাঙ নৈ’ৰ পাৰৰ চান্দামাৰী বড়োফা সাংস্কৃতিক প্ৰকল্পত যোৱা তিনিদিনৰ পৰা দেশ বিদেশৰ পৰা অহা কৱিৰ উখল মাখল পৰিবেশত আৰম্ভ হোৱা কোকৰাঝাৰ সাহিত্য মহোৎসৱৰ আজি সফল সামৰণি পৰিছে ৷ উল্লেখ্য যে, বিটিআৰ কতৃপক্ষৰ উদ্যোগত পোণ প্ৰথম বাৰৰ বাৱে আয়োজিত হোৱা কোকৰাঝাৰ সাহিত্য মহোৎসৱে উৎসৱথলীত দেশ বিদেশৰ কৱি সকলৰ মন্ত্ৰমুগ্ধ কবিতা পাঠৰে অনুষ্ঠিত হোৱা এশটা ভাষাৰ কৱি সন্মিলণৰ লগতে আজি সামৰণিৰ দিনা উৎসৱথলীৰ গাতে লাগি থকা শ্বহীদ বিনেশ্বৰ ব্ৰহ্মৰ স্মৃতিসোধত বড়ো (থুলনাই ছান) সাহিত্যৰ প্ৰতিষ্ঠা দিৱস পালণৰে নিজম পৰে তিনিদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰ সাহিত্য মহোৎসৱৰ ৷ এই উপলক্ষে ৰাতিপূৱা বড়ো সাহিত্য দিৱস হিচাৱে পতাকা উত্তোলণ কৰে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো আৰু শ্বহীদ বিনেশ্বৰ ব্ৰহ্মৰ প্ৰতিকৃতিত মাল্যপৰ্ণ আৰু সমাধিথলীত পুষ্পাৰ্ঘ অৰ্পণৰে শ্ৰূদ্ধাঞ্জলী যাঁচে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই লগতে বিটিআৰৰ কাৰ্যবাহী সদস্য ডাওবৈচা বড়ো আৰু ডডা°নিলুৎ স্বগীয়াৰী আৰু এৱছু আৰু বড়ো সাহিত্য সভাৰ কৰ্মকৰ্তা সকলে ৷ অনূ্ষানত বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োই বড়ো সাহিত্য সভাই আজি ৭০ বছৰ দীঘলীয়া পৰিক্ৰমাত সহযাত্ৰী হোৱা এৱছুকে ধৰি সযোগি সকলো সংগঠন আৰু বিটিআৰ চৰকাৰক শলাগ লয় ৷তেও কোকৰাঝাৰত আৰম্ভ হোৱা সাহিত্য উৎসৱৰ সতে সংগতি ৰাখি পালণ কৰা বড়ো সাহিত্যৰ প্ৰতিষ্ঠা দিৱসত নিজকে আনন্দিত বুলি অনুভৱ ব্যক্ত কৰি বড়ো সাহিত্য সভাই অসম সাহিত্য সভাকে ধৰি সকলো ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ ভাষা সাহিত্যৰ সতে সম্পৰ্ক ৰক্ষাৰে আগবাঢ়ি যোৱাৰ প্ৰতিশ্ৰতি প্ৰদান কৰে ৷ তেও লগতে বড়ো সাহিত্য সভাই সাহিত্য সৃষ্টিৰ এই অবিৰত যাত্ৰাত বড়ো ভাষা সংবিধানৰ অষ্টম অনুচ্ছেদত স্বীকৃতি পোৱা আৰু ৰাজ্য চৰকাৰৰ সহযোগি ভাষাৰ মানত্যা প্ৰদাণে শ্বহীদ সকলৰ অৱদান অটুট থকা বুলি দোঁহাৰি ভাষাৰ হকে আত্মবলিদান দিয়া সমূহ শ্বহীদক শ্ৰদ্ধাৰে ৰোমহ্নন কৰে ৷একেদৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই বড়ো সাহিত্য সভা বড়ো জনগোষ্ঠীৰ বাৱে সৰ্ৱোচ্চ জাতীয় সংগঠনে নহয় জনগোষ্ঠীৰ ভাষা সাহিত্যৰ উত্তৰণত এক অভিভাৱকৰ দৰে অৱদান আগবঢ়োৱা বুলি কয় ৷ ইফালে আজি অন্তিম দিনা কোকৰাঝাৰ সাহিত্য মহোৎসৱত দেশ বিদেশৰ পৰা কৱি সকলে প্ৰথমবাৰৰ বাৱে কোকৰাঝাৰত ভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষীৰ কৱি সকলক সাক্ষাৎ পাই নিজকে গৌৰৱবোধ বুলি দোহাঁৰাৰ লগতে দেশৰ ভিতৰতে কোকৰাঝাৰ চহৰে লোৱা এনে পদক্ষেপে কবি সকলৰ হৃদয়ত চিৰস্মৰণীয় কৰি তুলিৱ বুলি প্ৰশংসা কৰা পৰিলক্ষিত হয় ৷
নামনী অসম ব্যুৰ বঙাইগাঁও, প্ৰফুল্ল কুমাৰ দাস।