হেলেমত নকল সোণৰ নাওঁ উদ্ধাৰ। ধৃত ন জন। গাড়ী জব্দ।
ৰাজ্যখনত দিনক দিনে বৃদ্ধি পাই আহিছে নকল সোণৰ বেহা। হেলেমৰ টকৌবাৰীৰ বৃহস্পতিবাৰে সোণ ক্ৰয় কৰিবলৈ আহি ঝাড়খণ্ডৰ ৮ জনীয়া এটা দল আৰক্ষীৰ জালত ।টকৌবাৰীৰ ধনঞ্জয় শইকীয়া নামৰ লোকজনৰ ঘৰত সাত লাখ টকাৰ প্ৰায় ডেৰ কেজি ওজনৰ সোণ ক্ৰয় কৰি ওভতাৰ পথত আৰক্ষীৰ নাকা তালাচীৰ সময়ত ধৰা পৰে সোণ সহ যুৱকৰ দলটো। হেলেম আৰক্ষীয়ে সোণৰ নাওঁ আৰু ৮টা মবাইল জব্দ কৰিবলৈ সক্ষম হৈছে যুৱক কেইজনৰ পৰা। ধৃত যুৱক কেইজন ঝাৰখণ্ডৰ বিজয় কুমাৰ মাহাতু, অৰুণ কুমাৰ, মুন্না কুমাৰ, দিপেশ কুমাৰ,ৰৌশন কুমাৰ। অমিত কুমাৰ ৰাম, মুচিত আনচাৰী, পশ্চিম বংগ কোচবিহাৰৰ চফিউল মহম্মদ আৰু হেলেমৰ টকৌবাৰীৰ ধনঞ্জয় শইকীয়াক আটক কৰি সোধ পোছ অব্যাহত ৰাখিছে হেলেম আৰক্ষীয়ে।