অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড 'হিমন্ত বিশ্ব শৰ্ম্মাৰ নেতৃত্বাধীন অসম চৰকাৰৰ এখন গুৰুত্বপূৰ্ণ
কেবিনেট বৈঠক অহা ২৪ নৱেম্বৰ তাৰিখে বঙাইগাঁওত অনুষ্ঠিত কৰণৰ সিদ্ধান্তক কোচ
ৰাজবংশী জাতীয় পৰিষদে সন্তোষ প্ৰকাশ কৰি কেবিনেট বৈঠকলৈ উমাল সম্ভাষণৰে
আদৰণি জনায় বিজনী চহৰত অনুষ্ঠিত কৰা এক সংবাদমেলত প্ৰকাশ কৰা প্ৰেছ বিবৃতি
যোগে।
কোচ ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মন আৰু সাধাৰণ সম্পাদক
বিশ্বজিৎ ৰায়ে প্ৰেছ বিবৃতিটোত কয় যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড 'হিমন্ত বিশ্ব শৰ্ম্মাৰ
গতিশীল নেতৃত্বত আৰ্থ-সামাজিক, শৈক্ষিক আৰু ৰাজনৈতিক ভাৱে পিছ পৰা জিলাখনৰ
সদৰত অসম মন্ত্ৰী সভাৰ কেবিনেট বৈঠক অনুষ্ঠিত কৰণৰ সিদ্ধান্তই জিলাবাসীৰ লগতে
কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলৰ মাজলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। কোচ
ৰাজবংশী জাতীয় পৰিষদৰ নেতাদ্বয়ে কয় যে বঙাইগাঁও এখন খিলঞ্জীয়া কোচ ৰাজবংশী
জনগোষ্ঠী অধ্যুষিত জিলা, জিলাখনৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকল আৰ্থ-
সামাজিক, ৰাজনৈতিক আৰু শৈক্ষিক উত্তোৰণৰ দিশত স্বাধীনোত্তৰ সুদীৰ্ঘ কালৰে পৰা
বঞ্চিত হৈ আহিছে। এসময়ৰ ঐতিহ্য মণ্ডিত কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলে
সাংবিধানিক সুৰক্ষাৰ অভাৱত আজি নিজৰ ভূমিতেই গৃহহীন হৈ নি:শেষ হোৱাৰ উপক্ৰম
হৈছে। জনগোষ্ঠীটোৰ সৰ্ব দিশতে উত্তোৰণৰ স্বাৰ্থত জনগোষ্ঠীটোক শীঘ্ৰেই জনজাতি কৰণৰ
ব্যৱস্থাৰ বাবে আৰু কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ ভৌগোলিক পৰিসৰ বৃদ্ধিৰে অধিক
ক্ষমতা সম্পন্ন স্বায়ত্ব শাসিত পৰিষদ গঠনৰে জনগোষ্ঠীটোৰ আত্ম নিয়ন্ত্ৰণ অধিকাৰ
সুনিশ্চিত কৰাৰ সন্দৰ্ভত কেবিনেট বৈঠকত ইতিবাচক পদক্ষেপ লব বুলি নেতাদ্বয়ে আশা
প্ৰকাশ কৰে। বৰ্মন আৰু ৰায়ে প্ৰেছ বিবৃতিটোত কয় যে অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশী
জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰৰ সাংবিধানিক সুৰক্ষা, সংৰক্ষণ, উন্নয়ন আৰু উত্তোৰণৰ প্ৰতি লক্ষ্য
ৰাখি অসম মন্ৰী সভাৰ ঐতিহাসিক বঙাইগাঁও বৈঠকত অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ
মাজত ওলমি থকা কমতাপুৰ ৰাজ্য পুণৰ গঠন কৰা আৰু জনজাতিকৰণৰ দীৰ্ঘ দিনীয়া
সমস্যাৰ এক ৰাজনৈতিক ইতিবাচক সমাধান সূত্ৰ উলিয়াবৰ বাবে কোচ ৰাজবংশী জাতীয়
সংগঠন, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত তৎকালেই এক ত্ৰিপাক্ষিক বৈঠক
অনুষ্ঠিত কৰি আগন্তুক সংসদৰ অধিবেশনতে সমাধানৰ ব্যবস্থা কৰিবলৈ বিশেষভাৱে
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক বিনম্ৰ অনুৰোধ জনায়। নেতাদ্বয়ে কোচ ৰাজবংশী
জনগোষ্ঠীৰ ভাষা, সংস্কৃতি আৰু পৰম্পৰা সমূহ সংৰক্ষণ কৰাৰ লগতে সম্প্ৰসাৰণৰ বাবে
বঙাইগাঁওত গুৱাহাটীস্থ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত বিশ্বমহাবীৰ চিলা ৰায় কলা
ক্ষেত্ৰ, মহাৰাজ নৰনাৰায়ণৰ নামত প্ৰস্তাবিত চিকিৎসা মহাবিদ্যালয় নামাকৰণ কৰাৰ লগতে
চিকিৎসা মহাবিদ্যালয় আৰ চিলাৰায় অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ নিৰ্মাণ কাম সোনকালে
সমাপ্ত কৰি পাঠদানৰ ব্যৱস্থা কৰা, অবিভক্ত গোৱালপাৰা জিলাক শৈক্ষিক দিশত বিশেষ
ভাৱে অৰিহণা আগবঢ়োৱা তপস্বী ৰাণী অভেশ্বৰীৰ নামত নতুবা কমতাপুৰ নামেৰে পূৰ্ণাংগ
বিশ্ববিদ্যালয় স্থাপন কৰা, শশী ভাৱৰীয়াৰ নামত এখন চৰকাৰী বি,এড, কলেজ স্থাপনৰ বাবে
কেবিনেট বৈঠকত সিদ্ধান্ত লবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ কৰে নেতাদ্বয়ে বিবৃতিটোত উল্লেখ
কৰি কয় যে সোণালী বান্দৰ আৰু অন্যান্য জীৱজন্তুৰ ৰম্য ভূমি কাকৈজানা সংৰক্ষিত
বনাঞ্চলৰক অভয়াৰণ্য হিচাপে ঘোষণা কৰি পৰ্যটনৰ এক স্থলী গঢ়ি তোলাৰ লগতে
চাপাগুৰীৰ পৰা উত্তৰ শালমাৰা সংলগ্ন চিলাৰায় পথৰ যান জোটৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাজ
বিজিত নাৰায়ণৰ নামত এক বিকল্প পথ নিৰ্মাণৰ বাবে বিবৃতিটোত অনুৰোধ জনোৱাৰ লগতে
বিজনী, চিদলী, গৌৰীপুৰ আৰু চিকনাঝাৰৰ ৰাজ ঐতিহ্যক সংৰক্ষণ কৰিবলৈ অসম
চৰকাৰক অনুৰোধ জনায়। নেতাদ্বয়ে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আধাৰশিলা
কৰা বঙাইগাঁও চহৰৰ ভাকাৰিভিটাস্থিত বীৰ চিলাৰায় সামাজিক-সাংস্কৃতিক আৰু গৱেষণা
কেন্দ্ৰৰ উন্নয়ন আৰু বিকাশৰ বাবে পাঁচ কোটি টকাৰ এক পেকেজ ঘোষণা কৰাৰ বাবেও
সংবাদমেল যোগে মুখ্যমন্ত্ৰীক কাতৰ আহ্বান জনায়। সংবাদমেলত কোচ ৰাজবংশী জাতীয়
পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদকদ্বয় ভূপেন ৰায়, জগন্নাথ ৰায় আৰু মানিকপুৰ
জিলা কোচ ৰাজবংশী জাতীয় পৰিষদৰ উপসভাপতি নিফুল ৰাজবংশী উপস্থিত আছিল।
নামনী অসম ব্যুৰ বঙাইগাঁও, প্ৰফুল্ল কুমাৰ দাস।