আহিব লাগিছিল কেমেৰা কিন্তু আহিল আকৌ চাবুন।অনলাইন সামগ্ৰী ক্ৰয় কৰোঁতে সাৱধান হব হল।
ফ্লিপকাৰ্ডৰ পৰা সামগ্ৰী অনলাইন অডাৰ কৰাতো কোনো নতুন কথা নহয়। সমগ্ৰ ভাৰতবৰ্ষতে বৰ্তমান অধিক সংখ্যক লোকে অনলাইন সামগ্ৰী কিনা পৰিলক্ষিত হয় I কিন্তু মাজে সময়ে গ্ৰাহকক অনলাইন চপিঙে পতাৰনা কৰা দেখিবলৈ পোৱা যায় I অসমতো এনে বহুতো ঘটনাৰ বলি হৈছে বহু গ্ৰাহক । এইবাৰ ফ্লিপকাৰ্ডৰ প্ৰবঞ্চনাৰ বলি জোনাই ৰোৱাদ গাওঁৰ এজন শিক্ষক তথা সমাজকৰ্মী তুখেশ্বৰ মিৰি আগৰৱালা I শিক্ষক তুখেশ্বৰ মিৰি আগৰৱালাই 16 নবেম্বৰৰ দিনা ব্যক্তিগত ব্যৱহাৰৰ বাবে
Canon EOS 3000D DSLR কেমেৰা filipkart ৰ জৰিয়তে 29495 টকা মূল্যৰ অৰ্ডাৰ দিছিল। শুক্ৰবাৰে জোনাই স্থিত ইনষ্ট্ৰাকাৰ্ড চাৰভিছ প্ৰাইভেট লিমিটডৰ ডেলিভাৰী বয়জনে অডাৰ কৰা কেমেৰা অহা পেকেটিং বক্সটো দি যায়। পেকেট খোলাৰ পিছত হতভম্ব শিক্ষকজন। পেকেটত ওলাল কেমেৰা সলনি তিনিটাকৈ চাবুন। প্ৰতিষ্ঠিত ব্যৱসায়ী কোম্পানীটোয়ে গ্ৰাহকক কৰা এনে পতাৰণাত অঞ্চলটোত সৃষ্টি হৈ চাঞ্চল্যৰ I ইপিনে এনে পতৰনাৰ ভুক্তভোগী শিক্ষকজনে চক্ৰটোৰ লগত জৰিত লোকসকলক উচিত তদন্ত কৰি বা দৃষ্টান্ত মূলক পদক্ষেপ লবলৈ প্ৰকাশনক অনুৰোধ জনায় । তদুপৰি অনলাইন সামগ্ৰী
ক্ৰয় কৰোতে সকলো লোককে সাৱধানতা অৱলম্বন
কৰিবলৈ অনুৰোধ জনায় I