Share on Facebook

কোচ ৰাজবংশী জাতীয় পৰিষদক আশ্বাস- সমষ্টি নিৰ্দ্ধাৰণ হলেই কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচন

 বিশ্ববিদ্যালয় আৰু অভিযান্ত্ৰিক মহাবিদ্যালয় নামাকৰণৰ বাবে বিধায়ক ফণীভূষণ চৌধুৰীক দায়িত্ব ৷ 

যোৱা ২৪ নৱেম্বৰ তাৰিখে সন্ধিয়া বঙাইগাঁও আৱৰ্ত ভৱণত কোচ ৰাজবংশী জাতীয় পৰিষদৰ এটি প্ৰতিনিধিৰি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সতে বৈঠকত হয় আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সমস্যা সমাধানৰ বাবে আলোচনা কৰে ৷ 







মুখ্যমন্ত্ৰীৰ সতীৰ্থ মন্ত্ৰী পিয়ুষ হাজৰিকা আৰু বঙাইগাঁওৰ বিধায়ক ফণীভূষণ চৌধুৰী উপস্থিত থকা আলোচনাত মুখ্য স্থান পায় কমতাপুৰ ৰাজ্যৰ দাবীটো ভাৰতৰ প্ৰধানমন্ত্ৰী নতুবা গৃহমন্ত্ৰীৰ উপস্থিতি নতুন দিল্লীত ত্ৰিপাক্ষীক বৈঠক কৰি ৰাজনৈতিক ভাবে সমাধান কৰা, অচিৰেই কোচ ৰাজবংশী সকলোক জনজাতিকৰণৰ মৰ্যাদা দিয়া, কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰা৷ আজি বিজনী চহৰত অনুষ্ঠিত কৰা এক সংবাদমেল যোগে জনায় য়ে মুখ্যমন্ত্ৰীয়ে কোচ ৰাজবংশী জাতীয় পৰিষদৰ দাবীক সন্মান জনাই বঙাইগাঁও মহাবিদ্যালয়ক উন্নিতকৰণ কৰি বিশ্ববিদ্যালয় হিচাবে গঢ়ি তোলা, প্ৰস্তাবিত চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু চিলাৰায় ইণ্ডোৰ ষ্টেডিয়ামৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে অসম চৰকাৰে কেবা কৌটি টকা আৰ্থিক বৰঙনি আগবঢ়োৱা বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ সতীৰ্থ বিধায়ক বঙাইগাঁওৰ বিধায়ক ফণীভূষণ চৌধুৰীক বিপুল ভাবে ধন্যবাদ জনাই প্ৰস্তাবিত বিশ্ববিদ্যালয়খনক কমতাপুৰ বিশ্ববিদ্যালয়, চিলাৰায় অভিযান্ত্ৰিক মহাবিদ্যালয় নামাকৰণ কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনায়। জাতীয় পৰিষদৰ সতে হোৱা আলোচনাৰ পিছত মুখ্যমন্ত্ৰীয়ে কমতাপুৰ ৰাজ্যৰ দাবীটো ৰাজনৈতিক ভাবে সমাধান কৰাৰ বাবে পুণৰ ত্ৰিপাক্ষীক বৈঠকৰ আশ্বাস দিয়াৰ লগতে জনজাতিৰকৰণৰ দাবীটো সমাধানৰ এক ৰূপৰেখা প্ৰস্তুত কৰিব বুলি দোহাৰে৷ সেইদৰে কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদৰ সমষ্টি নিৰ্দ্ধাৰণ হলেই পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰিব বুলি দোহাৰে। সেইদৰে প্ৰস্তাবিত বিশ্ববিদ্যালয় আৰু নিৰ্ময়মান অভিযান্ত্ৰিক মহাবিদ্যালয় খনৰ নামাকৰণৰ বাবে বিধায়ক ফণীভূষণ চৌধুৰীক দায়িত্ব দিয়ে। মুখ্যমন্ত্ৰীয়ে প্ৰস্তাবিত চিকিৎসালয় খন বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় হিচাবে নামাকৰণ কৰিব বুলি জনায়। জাতীয় পৰিষদে মুখ্যমন্ত্ৰীক নৰনাৰায়ণৰ নামেৰে কলাক্ষেত্ৰ গঢ়ি তোলা, বঙাইগাঁও চহৰত প্ৰয়াত জননেতা শৰৎ চন্দ্ৰ সিংহৰ নামেৰে আন এক বিকল্প পথ নিৰ্মান, কাকৈজনা সংৰক্ষিত বনাঞ্চলক অভয়াৰণ্যৰ স্বীকৃতি দিয়া, কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদৰ ভৌগোলিক চাৰিসীমা বৰ্দ্ধিত কৰি প্ৰকৃত স্বায়ত্ত্বশাসন পৰ্বতন কৰা, গুৱাহাটীত এটা কমতাপুৰ ভৱণ নিৰ্মাণ কৰা, ভাকাৰীভিটাস্থ বীৰ চিলাৰায় সামাজিক-সাংস্কৃতিক কেন্দ্ৰৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে পাঁচ কৌটি টকাৰ পেকেজ ঘোষণা কৰা আৰু আন কেবাটাও দাবী সম্পৰ্কে আলোচনা কৰে ৷ মুখ্যমন্ত্ৰীয়ে এই সম্পৰ্কে পৰ্যায়ক্ৰমে কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ কোচ ৰাজবংশী জাতীয় পৰিষদে মুখ্যমন্ত্ৰীৰ যোগাত্মক দৃষ্টিভংগীক ধন্যবাদ জনায়। মুখ্যমন্ত্ৰীৰে হোৱা আলোচনাত কোচ ৰাজবংশী আাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মন, সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়, সহকাৰী সাধাৰণ সম্পাদকদ্বয় ভূপেন ৰায়, জগন্নাথ ৰায, মানিকপুৰ জিলা কোচ ৰাজবংশী জাতীয় পৰিষদৰ উপসভাপতি নিফুল ৰাজবংশী উপস্থিত আছিল বুলি সংবাদ মাধ্যমলৈ প্ৰেৰণ এক প্ৰেছ বিবৃতি যোগে কোচ ৰাজবংশী জাতীয় পৰিষদৰ প্ৰচাৰ সম্পাদক নিখল  ৰায়ে জনায়।

ষ্টাফ ৰিপৰ্টাৰ বঙাইগাঁও, প্ৰফুল্ল কুমাৰ দাস।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post