আজি চিৰাং জিলাৰ বিজনীত বিজনী জাৰ্ণেলিষ্ট ফ'ৰামৰ কাৰ্যলয়ত কোচ ৰাজবংশী জাতীয় পৰিষদৰ এক সংবাদ মেল সন্বোধন কৰে ।
উক্ত সংবাদ মেল জৰিয়তে জনায় যে যোৱা কালি বঙাইগাঁওত কেবিনেট বৈঠকৰ পাছত কোচ ৰাজবংশী জাতীয় পৰিষদৰ এটা সজাতি দলে অসমৰ মূখ্য মন্ত্ৰীৰ লগত এক আলোচনাত মিলিত হয়। বহু সময় আলোচনাৰ পাছত ৰাজবংশী জাতীয় সমস্যাৰ তথা শৈক্ষিক দিশত উন্নতি কৰাৰ বাবে বঙাইগাঁওৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয় বনোৱাৰ যি পৰিকল্পনা কৰিছে তাক বিশেষ ভাবে আদৰণি জনায় কোচ ৰাজবংশী জাতীয় পৰিষদে । বিশ্ববিদ্যালয়ৰ খনৰ নাম যাতে কমতাপুৰ বিশ্ববিদ্যালয় নামত নামাকৰণ কৰা হয় তাৰ বাবে অসমৰ মূখ্য মন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় । অভিযান্ত্ৰিক বিদ্যালয়ৰ নাম চিলাৰায় নামত নামাকৰণ কৰিব লাগে । এই ক্ষেত্রত বিধায়ক ফনিভূষণ চোধুৰীৰ আৰু মূখ্য মন্ত্ৰীৰ লগত কথা বাৰ্তা হৈছে এই ক্ষেত্ৰত বিধায়ক চৌধুৰীয়ে যি ধৰণৰ পৰামৰ্শ আগবঢ়াব তেনেকৈ হব বুলিও মন্তব্য কৰে আজিৰ সংবাদমেলত ।
ষ্টাফ ৰিপৰ্টাৰ বঙাইগাঁও, প্ৰফুল্ল কুমাৰ দাস।