অসমৰ মুখ্যমন্ত্ৰীৰ সতে বৈঠক কোচ ৰাজবংশী জাতীয় পৰিষদৰ-
ইং ২৪ নৱেম্বৰ ২০২১ সন্ধিয়া কোচ ৰাজবংশী জাতীয় পৰিষদৰ এটি প্ৰতিনিধি দলে বঙাইগাঁও আৱৰ্ত ভৱণত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ কোচ ৰাজবংশী জাতীয় পৰিষদৰ দাবীক সন্মান জনাই বঙাইগাঁও মহাবিদ্যালয়ক বিশ্ববিদ্যালয় হিচাবে গঢ়ি তোলাৰ লগতে প্ৰস্তাবিত চিকিৎসা মহাবিদ্যালয়, চিলাৰায় অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু চিলাৰায় ইণ্ডোৰ ষ্টেডিয়ামৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে অসম চৰকাৰে কেবা কৌটি টকা আৰ্থিক বৰঙনি আগবঢ়োৱা বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ মন্ত্ৰী সভাৰ সদস্য আৰু বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰীক বিপুল ভাবে ধন্যবাদ জনাই প্ৰস্তাবিত বিশ্ববিদ্যালয়খনক কমতাপুৰ বিশ্ববিদ্যালয় নামাকৰণ কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনায়। জাতীয় পৰিষদে কোচ ৰাজবংশী সকলোক জনজাতিকৰণ, কমতাপুৰ ৰাজ্য ৰাজনৈতিক ভাবে সমাধান কৰাৰ বাবে প্ৰধানমন্ত্ৰী নতুবা কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিত নতুন দিল্লীত ত্ৰিপাক্ষীক বৈঠক অনুষ্ঠিত কৰা, নৰনাৰায়ণৰ নামেৰে কলাক্ষেত্ৰ গঢ়ি তোলা, বঙাইগাঁও চহৰত প্ৰয়াত জননেতা শৰৎ চন্দ্ৰ সিংহৰ নামেৰে আন এক বিকল্প পথ নিৰ্মান, কাকৈজনা সংৰক্ষিত বনাঞ্চলক অভয়াৰণ্যৰ স্বীকৃতি দিয়া, কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদৰ ভৌগোলিক চাৰিসীমা বৰ্দ্ধিত কৰি প্ৰকৃত স্বায়ত্ত্বশাসন পৰ্বতন কৰা, গুৱাহাটীত এটা কমতাপুৰ ভৱণ নিৰ্মাণ কৰা, ভাকাৰীভিটাস্থ বীৰ চিলাৰায় সামাজিক-সাংস্কৃতিক কেন্দ্ৰৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে পাঁচ কৌটি টকাৰ পেকেজ ঘোষণা কৰা আৰু আন কেবাটাও দাবী সম্পৰ্কে আলোচনা কৰি কোচ ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মন, কাৰ্যকৰী সভাপতি হৰমোহন মেধি আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায় স্বাক্ষৰিত ১১ দফীয়া এখন স্মাৰকপত্ৰ প্ৰদান কৰে। আলোচনাত জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মন, সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়, সহকাৰী সাধাৰণ সম্পাদকদ্বয় ভূপেন ৰায়, জগন্নাথ ৰায় আৰু মানিকপুৰ জিলা কোঃ ৰাঃ জাতীয় পৰিষদৰ উপ সভাপতি নিফুল ৰাজবংশী উপস্থিত আছিল৷