ব্ৰহ্মপুত্ৰ ডিগ্ৰী মহাবিদ্যালয়ত নৱাগত আদৰণি সভা।
ঢকুৱাখনাৰ এখন অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান ব্ৰহ্মপুত্ৰ ডিগ্ৰী মহাবিদ্যালয়ত আজি অষ্টাবিংশতিতম নৱাগত আদৰণি সভাখনি সম্পন্ন হৈ যায়।
কাৰ্যসূচী অনুসৰি চাফাই অভিযানৰ পিছতে পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ গুণীন্দ্ৰনাথ পেগুৱে।
বৃক্ষ ৰোপণ কাৰ্যসূচীৰ পিছতে ন - পুৰণি ছাত্র- ছাত্ৰীৰ চিনাকি অনুষ্ঠান হয়।
ন পুৰণি ছাত্র - ছাত্ৰী চিনাকি অনুষ্ঠানত নিজৰ নিজৰ প্ৰতিভাসমূহ প্ৰদৰ্শন কৰি সকলোকে আমোদ দিয়ে।
১২.৫০ বজাত সমবেত সংগীতেৰে মুকলি সভাখনি শুভাৰম্ভ কৰে। মুকলি সভাৰ সভাপতিৰ আসন গ্ৰহণ কৰে ব্ৰহ্মপুত্ৰ ডিগ্ৰী মহাবিদ্যালয়ৰ অধ্যক্ষ তথা ছাত্র একতা সভাৰ সভাপতি গুণীন্দ্ৰ নাথ পেগুৱে। ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা ব্ৰহ্মপুত্ৰ ডিগ্ৰী মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ভোলানাথ গগৈৱে। বন্তি প্ৰজ্বলন কৰি তেখেতে ন - পুৰণি ছাত্ৰ - ছাত্ৰীসকলক জ্ঞানৰ পোহৰে আলোকিত হবলৈ আহ্বান জনায়।লগতে নিজ নিজ প্ৰতিভা সমূহ চিনাক্ত কৰি অধ্যৱসায় তথা সাধনাৰ জৰিয়তে আগবাঢ়ি যাব লাগিব।
ইফালে সাহিত্য দিশত উৎকৰ্ষ সাধনৰ উদ্দেশ্যে ছাত্র- ছাত্ৰীসকলৰ দ্বাৰা প্ৰকাশ কৰা প্ৰাচীৰ প্ৰত্ৰিকা খনি উন্মোচন কৰে হাৰ্হি মহাবিদ্যালয়,সহঃ অধ্যাপক শৰৎ কুমাৰ চুতীয়াই।
আমন্ত্ৰিত অতিথি হিচাবে ঢকুৱাখনা জিলা সমিতিৰ মিচিং মিমাগ কেবাঙৰ সহ সম্পাদক নাথুৰাম পেগু আৰু মুখ্য অতিথি তথা হাৰ্হি মহাবিদ্যালয়ৰ অধ্যক্ষ, ড° মানৱ জ্যোতি নেওঁগে ছাত্র- ছাত্ৰী সকলৰ জীৱনত হিত সাধনাৰ বাবে বহুমূলীয়া মন্তব্য আগবঢ়াই।