মিংমাং কঁঠাল গুৰি খেল পথাৰৰ মিংমাং আঞ্চলিক মহিলা সমিতিৰ উদ্যোগত অৰুনাচলীৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী সমদল
মাজে সময়ে অসমৰ ভূমিত অৰুনাচলীয়ে অবৈধ ভাৱে ভূমি আগ্ৰাসন চলাই থকাৰ খবৰ
পাই থকাৰ মাজতে অনুৰূপ ধৰণে এইবাৰো সংঘটিত হৈছে, ধেমাজি জিলাৰ গোগামুখ
মিংমাং ৰূপহীৰ নিকতবৰ্তি অঞ্চলত বাস কৰা অৰুনাচলীয়ে ভূমি অবৈধ ভাৱে বে দখল
কৰাৰ লগতে ৰাস্তায়ো অবৈধ ভাৱে নিৰ্মাণ কৰাৰ খবৰ।জানিব পৰা মতে অৰুনাচলীয়ে গুলি
ফুটাই দা কুঠাৰ দেখুৱাই মিংমাং কঁঠাল গুৰি স্থানীয় ৰাইজৰ ভূমিৰ মাজেদি অবৈধ ভাৱে
পথ নিৰ্মাণ কৰাৰ বিৰুদ্ধে ধেমাজি বিধান সভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী
ৰণোজ পেগুক বাৰে বাৰে অভিযোগ, আবেদন নিবেদন কৰাৰ পিছতো কোনো সমাধানৰ
পথ নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে স্থানীয় ৰাইজৰ।প্ৰতিবাদকাৰীৰ প্ৰধান অভিযোগ
ইয়াৰে অসম চৰকাৰৰ মন্ত্ৰী ৰণোজ পেগুৰ ভণ্ড সমৰ্থকে মুখত ক'লা কাপোৰ লগাই মাজ
ৰাতিত আহি অৰুনাচলীৰ অবৈধ ভূমি আগ্ৰাসনৰ বিৰুদ্ধে মাত নামাতিবলৈয়ো স্থানীয়
ৰাইজক ভয় ভাবুকি দি অহাৰ কথা পোহৰলৈ আহিছে। স্থানীয় বিধায়ক মন্ত্ৰী ৰণোজ পেগুৰ
অঙহী বহঙীয়ে অৰুনাচলীক পথ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সহায় কৰাৰ অভিযোগো উত্থাপিত
হৈছে। স্থানীয় ৰাইজৰ দাবী--অসমৰ ভূমিত অৰুনাচলীয়ে পথ নিৰ্মাণ বন্ধ কৰক,তেজ
দিম মাতি নিদিও,আমাৰ দাবী মানিব লাগিব বুলি আকাশ বতাহ উত্তাল কৰি তোলে।
Tags:
Awareness