কন্দুৰ আক্ৰমণত গুৰুত্বভাৱে জখম হ'ল ১১ জনকৈ লোক। এজনৰ অৱস্থা সংকটজনক।
সোণাৰি চাপৰি অঞ্চলত বন কন্দুৰ আক্ৰমণত ১১ জনকৈ লোকক আক্ৰমণ কৰাত অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে।
ঘটনা বিৱৰণি অনুসৰি দুলাল দলে আৰু দীপক পেগুৰ পৰিয়ালৰ সৈতে সোণাৰি চাপৰি কাঁঠনি বাৰীত নিজ নিজ কামত ব্যস্ত থাকোঁতে ১২ বজাত হঠাতে ১১ জনকৈ লোকক কন্দুৰে আক্ৰমণ কৰি বাৰুকৈয়ে জখম কৰে।
ইয়াৰে দুলাল দলে পৰিয়ালৰ ৮ জন আৰু দিপক পেগুৰ পৰিয়ালৰ ৩ জনক আক্ৰমণ কৰে।
উল্লেখযোগ্য যে ইয়াৰ ভিতৰত তিনিটি শিশুও আছে।
গোটেইকেইজনক ততাতৈয়াকৈ ঢকুৱাখনাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়।
Tags:
Assam news