অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী মিচিং সকলৰ জাতীয় সংগঠন MBK প্ৰথম বাৰ্ষিক, TMPK ৰ
১৬ সংখ্যক MAK ১৫ সংখ্যক MDK প্ৰথম সংখ্যক, MMK ১১ সংখ্যক আৰু TMMK ৰ ১১
সংখ্যক অৱনৰি আঞ্চলিক সমিতিৰ দ্বি বাৰ্ষিক অধিৱেশনত বিশেষ প্ৰতিনিধি সভাখনি আজি
ৰেঙাম সোৱণশিৰি মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায়।
পুৱা কাৰ্যসূচী অনুসৰি চাফাই অনুষ্ঠান, পতাকা উত্তোলন, শ্বহীদ তৰ্পন, বিশেষ প্ৰতিনিধি সভা
অনুষ্ঠিত হয়।
এই প্ৰতিনিধি সভাত মিচিং সংগঠন সমূহ শক্তিশালী ৰূপত গঢ়ি মিচিং জনগোষ্ঠীটো কেনেকৈ
উন্নতি সাধন কৰিব পাৰি সেই সন্দৰ্ভত বিশেষ আলোচনা কৰা হয়।