ৰাজ্যজুৰি পোহৰৰ উৎসৱ দ্বীপান্বিতা উদ্যাপন হৈ থকাৰ মাজতে ধেমাজি জিলাৰ বাণিজ্যিক চহৰ গোগামুখত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে আৰু উক্ত
অগ্নিকাণ্ডত ৬ খনকৈ বাণিজ্যিক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জাহ গৈছে ৷
ঘটনাৰ বিৱৰণি মতে গোগামুখ আৰক্ষী থানাৰ পৰা ২০০ মিটাৰ নিলগৰ আৰ এন শইকীয়া
মাৰ্কেটত কালি মাজনিশা ১২ বজাত এখন দোকানৰ পৰা অগ্নিকাণ্ডৰ সুত্ৰপাত ঘটে আৰু
উক্ত অগ্নিকাণ্ডৰ লেলিহান শিখাই নিমিষতে অন্য ৫ খন দোকানলৈ সম্প্ৰসাৰণ ঘটে ৷
অগ্নিকাণ্ডটো ইমানেই ভয়ংকৰ আছিল যে মাথোঁ তিনিমিনিটৰ ব্যৱধানত আটাইকেইখন
দোকান অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় ৷
পিছত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাতা সংস্হা এন এইচ পি চিৰ পৰা
অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নুমাবলৈ সক্ষম হয় ৷
অগ্নিকাণ্ডৰ উৎস এতিয়ালৈকে নিশ্চিত কৰিব পৰা নাই যদিও দ্বীপান্বিতাৰ কাৰণে জ্বলোৱা চাকিৰ পৰাই উক্ত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে ৷
অগ্নিকাণ্ডটোৰ ফলত প্ৰায় এক কোটি টকাৰ সামগ্ৰী জুইত জাহ যোৱাৰ আশংকা কৰা হৈছে ৷