আৰক্ষীয়ে মুকলি কৰিছে 94357-13910 নম্বৰৰ ৱাটছএপ নম্বৰ আৰু spofficejht2021@gmail.co EMAIL ID অনিমেষ হত্যাকাণ্ড সাক্ষ্য-প্ৰমাণ ওপৰত।
যোৰহাট কাণ্ডৰ ওপৰত যোৰহাট আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আৰক্ষীয়ে মুকলি কৰিছে 94357-13910 নম্বৰৰ ৱাটছএপ নম্বৰ আৰু spofficejht2021@gmail.co EMAI ID অনিমেষ হত্যাকাণ্ড ওপৰত। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত ১৪ জন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে মূল অভিযুক্ত ক'লালৰা ওৰফে নীৰজ দাসৰ এক দুৰ্ঘটনাত মৃত্যু হৈছে। আৰক্ষীয়ে যোৰহাটবাসী ৰাইজক এই ঘটনা সন্দৰ্ভত এক বিশেষ গোহাৰি জনাইছে ।
উক্ত ঘটনাৰ যিকোনো ধৰণৰ সাক্ষ্য-প্ৰমাণ কোনো ব্যক্তিৰ লগত মজুত আছে তেন্তে সেইসকল ব্যক্তিক এই তথ্য-প্ৰমাণসমূহ আৰক্ষীক 94357-13910 মোবাইল নম্বৰত ৱাটছএপ যোগে আৰু spofficejht2021@gmail.com ইমেইলত প্ৰেৰণ কৰি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে যোৰহাটৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে। ঘটনা সন্দৰ্ভত তথ্য যোগান ধৰা লোকসকলৰ পৰিচয় গোপনে ৰখা হ'ব অথবা অতিৰিক্ত আৰক্ষী অধীক্ষকক কাৰ্যালয়ত সাক্ষাৎ কৰিও তথ্য-প্ৰমাণৰ যোগান ধৰিব পাৰে।
Tags:
CRIME & CRIMINAL