উজনি বৰ্ষামুখ খেল পথাৰত আজিৰে পৰা আৰম্ভ দ্বিতীয় বাৰ্ষিক প্ৰাইজমানি ভলীবল প্ৰতিযোগিতা ২০২১
উজনি বৰ্ষামুখ খেল পথাৰত ডাঃ পদ্মনাথ টাইদৰ পৃষ্ঠপোষকতাত স্বৰ্গীয় উমাকান্ত টাইদ আৰু স্বৰ্গীয় মেণ্টয় টাইদৰ সোঁৱৰণীত দুদিনীয়া কাৰ্যসূচীৰে ১ আৰু ২ ডিচেম্বৰ তাৰিখে আৰম্ভ কৰা হৈছে দ্বিতীয় বাৰ্ষিক প্ৰাইজমানি ভলীবল প্ৰতিযোগিতা ২০২১ ।
২০ হাজাৰ টকাৰ প্ৰাইজমানিৰে অনুষ্ঠিত কৰা ভলিবল প্ৰতিযোগিতা খনি আজি উদ্বোধন কৰে গণেশ টাইদে।
প্ৰথমতে ঢকুৱাখনাৰ কাঠবাৰী আৰু ওভতা চামপৰা দল দুটিয়ে ভলীবল খেলখনত অংশগ্ৰহণ কৰে।
Tags:
Sports