Share on Facebook

অসমৰ মুখ্যমন্ত্ৰীৰ টুইট ভাৰত চৰকাৰৰে শান্তি আলোচনাৰ বাবে কেএলঅ প্ৰধান জীৱন সিংহ আগ্ৰহী শান্তি আলোচনালৈ কোচ ৰাজবংশী জাতীয় পৰিষদৰ আদৰণি

 অসমৰ মুখ্যমন্ত্ৰীৰ টুইট-ভাৰত চৰকাৰৰে শান্তি আলোচনাৰ বাবে কেএলঅ প্ৰধান জীৱন সিংহ আগ্ৰহীশান্তি আলোচনালৈ কোচ ৰাজবংশী জাতীয় পৰিষদৰ আদৰণি



বহুদিনৰ পৰা নেৰানেপেৰাকৈ লাগি থকাৰ পিছত অবশেষত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ টুইটৰ জৰিয়তে ঐতিহাসিক স্বাধীন কমতাপুৰ গঠনৰ দাবীত সহস্ত্ৰ সংগ্ৰাম কৰি অহা জীৱন সিংহ নেতৃত্বাধীন কমতাপুৰ লিবাৰেশন অৰগেনাইজেছন (KLO)ৰ সৈতে ভাৰত চৰকাৰৰে শান্তি আলোচনালৈ এখোজ আগুৱাই অহাৰ খবৰে সমগ্ৰ কোচ ৰাজবংশী জনসাধাৰণক আনন্দিত কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ টুইটক কোচ ৰাজবংশী জাতীয় পৰিষদে উষ্ম আদৰণি জনাইছে ৷ 


এক প্ৰেছ বিবৃতি যোগে কেএলঅৰ সেনাধ্যক্ষ জীৱন সিংহ ডাঙৰীয়া শান্তি আলোচনালৈ আগ্ৰহ প্ৰকাশ কৰা বাবে আৰু শান্তি আলোচনাৰ বাট প্ৰশস্ত কৰা বাবে ভাৰত চৰকাৰৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে ধন্যবাদ জনায় ৷



 বিশ্বজিৎ ৰায়ে আশাপ্ৰকাশ কৰে যে কেএলঅ আৰু ভাৰত চৰকাৰৰ মাজত হব লগা আকাঙ্খিত শান্তি আলোচনাই ভাৰত চৰকাৰ আৰু কমতাপুৰৰ মাজত থকা ৰাজনৈতিক  সংঘাটৰ অৱসান হব আৰু কোচ ৰাজবংশী সকলোৰ দীৰ্ঘদিনীয়া সমস্যাৰ স্থায়ী সমাধান হব ৷


 কেএলঅ আৰু ভাৰত চৰকাৰৰ মাজত হব লগা শান্তি আলোচনা আগুৱাই নিয়া আৰু সকলোৰে গ্ৰহণযোগ্য সমাধান সূত্ৰ উলিয়াবলৈ চলিত ডিচেম্বৰ বা জানুৱাৰী মাহত অসম-পশ্চিম বংগৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন জাতীয় সংগঠন, বুদ্ধিজীৱী, বিশিষ্ট নাগৰিক আৰু শিক্ষাবিদৰ উপস্থিতিত এখন জাতীয় অভিৱৰ্তন অনুষ্ঠিত কৰিব বুলি সংবাদমেল যোগে জনায়।



ষ্টাফ ৰিপৰ্টাৰ বঙাইগাঁও, প্ৰফুল্ল কুমাৰ দাস।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post