শুক্ৰবাৰে গেৰুকামুখত এন এইচ পি চিৰ অসম আৰু অৰুণাচল প্ৰদেশৰ শ্ৰমিকৰ মাজত সংঘৰ্ষ। সংঘৰ্ষত কেইবাগৰাকী শ্ৰমিক গুৰুতৰ বাবে আহত। ইয়াৰ পিছতে প্ৰকল্প স্থলীলৈ যোৱা অসমৰ শ্ৰমিকক ৰাস্তাত টায়াৰ জ্বলাই বাধা।
ঘটনা অনুসৰি, শুক্ৰবাৰে এন এইচ পি চি য়ে নিৰ্মাণ কৰি থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্হলীত অৰুণাচল প্ৰদেশৰ পাকে কেছাং জিলাৰ অন্তৰ্গত দঃলুংমুখত এন এইচ পি চিৰ অধীনত কৰ্মৰত ঠিকাদাৰী নিৰ্মাতা সংস্হা পেটেল ইঞ্জিনীয়াৰিঙে শিবিৰ পাতি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য চলাই আছে ৷ উক্ত পেটেল ইঞ্জিনীয়াৰিঙত অসম আৰু অৰুণাচল প্ৰদেশৰ সহস্ৰাধিক শ্ৰমিকে কাম কৰি আছে ৷ কিন্তু পেটেল ইঞ্জিনীয়াৰিঙে নিয়োগ কৰা তদাৰকী ঠিকাদাৰে বাছি বাছি অৰুণাচল প্ৰদেশৰ কৰ্মচাৰী সকলক নৱেম্বৰ মাহৰ পৰিশ্ৰমিক আদায় দিয়াৰ বিপৰীতে অন্যায়ভাৱে অসমৰ শ্ৰমিক সকলক বঞ্চিত কৰি ৰাখে। এইক্ষেত্ৰত অসম-অৰুণাচল প্ৰদেশৰ শ্ৰমিকৰ মাজত সংঘৰ্ষৰ সুত্ৰপাত ঘটে ৷ আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ ফলত দুয়ো দলৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় ৷ শেষত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । ইফালে অৰুণাচল প্ৰদেশ আৰক্ষীয়ে পক্ষপাতিত্বমূলকভাৱে অসমৰ শ্ৰমিকক আক্ৰমণ কৰাত অৰুণাচলী সকলক পৰোক্ষভাৱে সহায় কৰাৰ অভিযোগ৷
এই ঘটনাটোৱে গেৰুকামুখত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। আৰু আজি পুনৰ অৰুণাচল প্ৰদেশৰ লোকে পুৱাৰে পৰা টায়াৰ জ্বলাই প্ৰকল্পটো থলীলৈ যোৱা অসমৰ শ্ৰমিকসকলক বাধা প্ৰদান কৰে। এইক্ষেত্ৰত যিকোনো মূহূৰ্তত অন্য এক ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে বিষয়টোক লৈ।