আজি TMPK ৰ ব্ৰহ্মপুত্ৰ মহাবিদ্যালয়ৰ শাখা সমিতি উদ্যোগত ২৯ তম কাংকিন কেবাঙ " অনুষ্ঠিত হয়।
কাৰ্যসূচী অনুসৰি পুৱা চাফাই অভিযান,পতাকা উত্তোলন,শ্বহীদ তৰ্পনৰ পিছতে কাংকিন কেবাঙত ছাত্র ছাত্ৰীসকলে নিজৰ পৰিচয় দাঙি ধৰাৰ লগতে নিজ নিজ প্ৰতিভা সমূহ প্ৰদৰ্শন কৰে।
মহাবিদ্যালয়খনৰ কেইবাশতাধিক ছাত্র ছাত্ৰীয়ে কাংকিন কেবাঙত অংশগ্ৰহণ কৰি অনুষ্ঠানটো সফল কৰি তুলিবলৈ সক্ষম হয়।
ইফালে সমবেত সংগীত আৰম্ভ হোৱা পিছতে মুকলি সভা অনুষ্ঠিত হয়।
নিশা সলনি দিনতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।
Tags:
Art & culture