মুখ্যমন্ত্ৰীৰ গাড়ী চালকৰ দক্ষতা প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ ঢকুৱাখনাত ।বিধায়ক নৱ কমাৰ দলেয়ে কৰে শুভাৰম্ভ।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম বিধান সভাৰ মজিয়াত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি ৰাজ্যখনৰ প্ৰতিটো বিধানসভা সমষ্টিৰ ৫০ জনকৈ নিৱনুৱা যুৱকক পৰিৱহন বিভাগৰ অধীনৰ বিভিন্ন ক্ষেত্ৰত নিয়োগৰ বাবে এক ৪৫ দিনীয়া মুখ্যমন্ত্ৰীৰ গাড়ী চালকৰ দক্ষতা প্ৰশিক্ষণ কাৰ্যসূচীৰ আৰম্ভ কৰিছে।
এই প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ কৰা নিৱনুৱা যুৱক সকলে পৰিৱহনৰ বিভাগৰ পৰা অনুজ্ঞাপত্ৰ লাভ কৰিব গাড়ী চালকৰ।আৰু পিছত নিজেই গাড়ী কিনিলে ১ লাখ টকাকৈ ৰেহাই পাব চৰকাৰৰ পৰা।
আজি লখিমপুৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয় আৰু ঢকুৱাখনা স্থিত ইন্সিটিটিউট অফ্ কম্পিউটাৰ এণ্ড ইনফ'টেক'ৰ উদ্যোগত ঢকুৱাখনাৰ আমকটীয়স্থিত ৰাজহুৱা প্ৰেক্ষাগৃহত অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ গাড়ী চালকৰ দক্ষতা প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।
ঢকুৱাখনাৰ মহকুমাধিপতি গুৰনেইল সিঙে বিশিষ্ট অতিথিৰূপে ভাষন দিয়া এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেয়ে।বিধায়ক জনে বক্তব্য ৰাখি কয় যে-"এই প্ৰশিক্ষণ কাৰ্যসূচীৰ জড়িয়তে ঢকুৱাখনা সমষ্টিৰ ৫০ জনকৈ নিৱনুৱা যুৱকক প্ৰথম পৰ্যায়ত পৰিৱহনৰ ক্ষেত্ৰখনত সংস্থাপিত হ'ব।এইয়া আমাৰ বাবে অতি ভাল খবৰ।"