সোণাৰি চাপৰি পঞ্চায়ত ভৱনত ৬ মিচিং জাতীয় সংগঠনৰ সোণাৰি চাপৰি আঞ্চলিক সমিতিৰ বিশেষ প্ৰতিনিধি সভা সম্পন্ন।
অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী মিচিং সকলৰ জাতীয় সংগঠন ক্ৰমে MBK,MAK ,MDK লগতে TMPK আৰু TMMK ,MMK ৰ ১৫,১২,১১ সংখ্যক সোণাৰি চাপৰি আঞ্চলিক সমিতিৰ দ্বি বাৰ্ষিক অধিৱেশনত বিশেষ প্ৰতিনিধি সভাখনি আজি সোণাৰি চাপৰি গাঁও পঞ্চায়তত স্থিত প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।
পুৱা কাৰ্যসূচী অনুসৰি চাফাই অভিযান, পতাকা উত্তোলন, শ্বহীদ তৰ্পন আৰু বিশেষ প্ৰতিনিধি সভা অনুষ্ঠিত হয়।
এই প্ৰতিনিধি সভাত মিচিং সংগঠন সমূহ শক্তিশালী ৰূপত গঢ়ি মিচিং জনগোষ্ঠীটো উন্নতি সাধনৰ ক্ষেত্ৰত কেনেদৰে আগবাঢ়ি যাব লাগিব সেই সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হয়।
Tags:
Art & culture