Share on Facebook

জোনাইত পথ দুৰ্ঘটনা৷ এজন নিহত আহত এজন৷ জোনাই আৰক্ষীৰ পেট্ৰলিঙ বাহনত খুন্দা মাৰে তীব্ৰ বেগী বাইক৷

জোনাইত পথ দুৰ্ঘটনা৷ এজন নিহত আহত  এজন৷ জোনাই আৰক্ষীৰ পেট্ৰলিঙ  বাহনত খুন্দা মাৰে তীব্ৰ বেগী বাইক৷ 


জোনাইত শনিবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা৷ আৰক্ষীৰ পেট্ৰলিঙ গাড়ীত তীব্ৰ বেগী বাইকৰ খুন্দা৷ যাৰফলত বাইক আৰোহীৰ নিহত হোৱাৰ লগতে গুৰুতৰ বাবে আহত এজন৷ জানিব পৰামতে জোনাইৰ ট্ৰি.জে হাইস্কুলৰ সমীপৰ ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত জোনাই আৰক্ষীৰ এখন পেট্ৰলিঙ গাড়ীত বিপৰীত দিশৰ পৰা অহা এখন  তীব্ৰ বেগী বাইকে খুন্দা মাৰে৷ ফলত বাইক আৰোহী সাগৰ লিম্বু আৰু মুন্না ছেত্ৰী নামৰ দুই যুৱকৰ গুৰুতৰ বাবে আহত হোৱাত দুয়োজনকে আৰক্ষীৰ অন্য এখন বাহনেৰে জোনাই সমূহীয়া স্বাস্থ্যকেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসকে সাগৰ লিম্বু নামৰ যুৱক জনক ঘোষণা কৰে মৃত বুলি৷ইফালে মুন্না ছেত্ৰী নামৰ গুৰুতৰভাৱে আহত আনজনক যুৱকক ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে৷ নিহত সাগৰ লিম্বু আৰু গুৰুতৰভাৱে আহত মুন্না ছেত্ৰী জোনাইৰ ১ নং ৰাজাখানাৰ বুলি জানিব পৰা গৈছে৷

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post