Share on Facebook

নিৰীহ ব্যক্তিৰ তেজেৰে ৰাঙলী নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বানঃমানৱ অধিকাৰ সংগ্ৰাম সমিতিঃ

 নিৰীহ ব্যক্তিৰ তেজেৰে ৰাঙলী নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বানঃমানৱ অধিকাৰ সংগ্ৰাম সমিতি



অসম-উত্তৰ পূৰ্বাঞ্চলৰ জনগণক সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইনে নিতৌ হিংসা ,দমন নিৰ্যাতন আৰু ধৰ্ষণ আদিৰে বশ কৰা চেষ্টা কৰি আহিছে । এই আইনে শোষিত নিপীড়িত জনগণৰ মৰ্যদা আৰু সন্মান সহকাৰে জীয়াই থকাত চৰম ব্যাঘাত জন্মাই এক বধ্যভূমিলৈ পৰ্যৱসিত কৰাটো কোনো নতুন নহয় ।নবৈ দশকৰ পৰাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বিদ্ৰোহী দমনৰ নামত নিৰীহ তেজেৰে ৰাঙলী কৰি নিত্য নতুন নতুন কৌশল প্ৰয়োগ কৰা চক্ৰান্তত লিপ্ত হৈছে । কেন্দ্ৰৰ শোষণ লুণ্ঠনত ব্যাঘাত জন্মিলে কেন্দ্ৰই বিদ্ৰোহী দমনৰ নামত‌ নিৰীহ ব্যক্তিৰ ওপৰত জপিয়াই পৰে ।তাৰ প্ৰমান পুনৰ কেন্দ্ৰৰ শান্তি ৰক্ষী বাহিনীয়ে ১৯ গৰাকীকৈ নিৰীহ ব্যক্তিক প্ৰাণ ললে নাগালেণ্ড মন জিলাত । শান্তি ৰক্ষী আছাম ৰাইফলৰ গুলীত খিলঞ্জীয়া থলগিৰি নিৰীহ ব্যক্তিৰ মৃত্যুত মানৱ অধিকাৰ সংগ্ৰাম সমিতি মাছ অতিশয় মৰ্মাহত আৰু গভীৰ সমবেদনা জ্ঞাপন কৰি তেখেত সকলৰ পৰিয়াল বৰ্গৰ দুখত সমভাগী হৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ ।এনেকুৱা ক'লা আইনে বিদ্ৰোহী সমস্যা সমাধান নকৰে বৰং দুগুনে বৃদ্ধি পাব । তদুপৰি ৰাষ্ট্ৰ যন্ত্ৰই নিৰীহ ব্যক্তিক কৰা সন্ত্ৰাস বন্ধ নকৰে তেতিয়া হ'লে নিৰীহ ব্যক্তিয়ে পুনৰ ঐক্যবদ্ধ ভাবে উত্তৰ পূৰ্বাঞ্চলক অশান্তি পৰিৱেশলৈ নিয়া কাৰ্যত কেন্দ্ৰীয় চৰকাৰে প্ৰধানত দায়ী । এই ক্ষেত্ৰত মানৱ অধিকাৰ সংগ্ৰাম সমিতি মাছৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা বুবুমনি গোস্বামী, অধ্যক্ষ আদিত্য লহকৰ, কাৰ্যকৰী অধ্যক্ষ কেশৱ চন্দ্ৰ চহৰীয়া আৰু ভাৰ প্ৰাপ্ত সচিব প্ৰধান লক্ষী প্ৰসাদ ডেকাই এনেকুৱা কাৰ্যৰ পৰা বিৰত থাকিবলৈ‌ কেন্দ্ৰীয় চৰকাৰক দাবী জনায় । চৰকাৰে দুমুখীয়া নীতি লোৱাটো বাস্তৱলৈ ৰূপায়িত হৈছে ।এফালে আলোচনাৰ নামত আনফালে বিদ্ৰোহী দমনৰ নামত‌ নিৰীহক হত্যা কৰা কাৰ্যই কি সূচাব ।সেয়ে সকলোকে শান্তি বাতাবৰণ আনি এক সুস্থিৰ পৰিৱেশ গঢ়িবলৈ মাছে আহ্বান জনায়  ।



প্ৰতি মাননীয় সাংবাদিক মহাশয় ।

মহাশয় 

নমস্কাৰ গ্ৰহণ কৰিব ।আপোনাক বিশেষ ভাৱে অৱগত কৰিব বিচাৰিছোঁ যে আপোনাৰ জনপ্ৰিয় দৈনিক বাতৰি কাকতত বাতৰিটো প্ৰকাশৰ সুব্যৱস্থা কৰিবৰ বাবে অনুৰোধ জনালোঁ ।

পুনৰ নমস্কাৰ আৰু শুভ কামনাৰে ।

   

   বিনীত 

বুবু মনি গোস্বামী, মুখ্য উপদেষ্টা ।

আদিত্য, লহকৰ অধ্যক্ষ ।

কেশৱ চন্দ্ৰ চহৰীয়া, কাৰ্যকৰী অধ্যক্ষ ।

লক্ষী প্ৰসাদ ডেকা ভাৰ প্ৰাপ্ত সচিব প্ৰধান ।

কেন্দ্ৰীয় সমিতি মাছ ।

MISING LUTAD (NEWS)

MISING ENTERTAINMENT CHANNEL This is based on mising people (tani) for entertaining purpose, music videos, episodes, films on mising entertainment channels. all videos are originals of Mising entertainment channel. and we are trying to exposed our mising culture, language to the globalization world, where we can also present our showcase to the world that we are exist in world as a called MISING COMMUNITY is sub caste of Assam regions in East side of India.

Post a Comment

please do not enter the any spam link in to comment box

Previous Post Next Post