তিনিচুকীয়া গুইজানৰ গৰোৱাকাটা চাপৰিত মৃতদেহ উদ্ধাৰ ৷
গুইজানৰ গৰোৱাকাটা চাপৰিত ভৱানী শইকীয়াৰ বাৰীত খেতিকৰা অমিত মুৰা (58) নামৰ লোকজনক পইতাকাৰীয়া (60) নামৰ ব্যক্তিজনে চোকা অস্ত্ৰৰে হত্যা কৰি পুতি থৈছিল ৷ বিশেষ সূত্ৰৰ পমখেদি গুইজানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ব্ৰজেন বৰগোহাঁইৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে হত্যাকাৰীক আটক কৰে ৷ ইতিমধ্যে মৃতদেহটো তিনিচুকীয়া আৰক্ষী থানালৈ প্ৰেৰণ কৰা হৈছে ৷
উক্ত ঘটনাৰ হত্যাকাৰীক 24 ঘণ্টা পাৰ নহওঁতেই তৎপৰতাৰে আৰক্ষীয়ে আটক কৰা ও মৃত মুৰা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ বাবে আৰক্ষী বিষয়া ব্ৰজেন বৰগোহাঁই ৰ লগতে আৰক্ষীৰ দলটোক ৰাইজে ধন্যবাদ জনাইছে ৷