হেলিকপ্টাৰ দুৰ্ঘটনাত দেশৰ প্ৰতিৰক্ষা মুৰব্বী বিপিন ৰাৱটৰ মৃত্যু ।
সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত গুৰুতৰভাবে আহত দেশৰ চীফ ডিফেন্স ষ্টাফ (Chief of Defense Staff) বিপিন ৰাৱট আৰু নাই। সেনাৰ এমআই চিৰিজৰ হেলিকপ্টাৰখন (Mi-17V5 helicopter)ত বিপিন ৰাৱটৰ লগতে তেওঁৰ পত্নী মধুলিকা ৰাৱট, ব্ৰিগেডিয়াৰ এলএছ নেতা, লেঃ হৰজিন্দৰ সিং, এন কে গুৰসেৱক সিং, এন কে জিতেন্দ্ৰ সিং, এল/এন কে বিবেক কুমাৰ, এল/এন কে বি চাই তেজা, এইচ এ ভি সতপাল আছিল। বিপিন ৰাৱটে Bipin Rawat) পত্নীসহ ৰাওনা হোৱা হেলিকপ্টাৰখনত মুঠ ১৪গৰাকী যাত্ৰী আছিল। আজি তামিলনাডু (Tamil Nadu)ৰ কুন্নুৰৰ ওচৰত ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয়।
My heart goes out to the families of those who lost their loved ones in this accident. Praying for the speedy recovery of Gp Capt Varun Singh, who is currently under treatment at the Military Hospital, Wellington.
— Rajnath Singh (@rajnathsingh) December 8, 2021